দেশৰ পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব?

কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী?
কি কয় ৰাজনৈতিক কৌশল নিৰ্ধাৰণকাৰী প্ৰশান্ত কিশোৰে?

নিৰ্বাচন আহিলেই চৰ্চালৈ আহে ৰাজনৈতিক কৌশল নিৰ্ধাৰণকাৰী প্ৰশান্ত কিশোৰৰ নাম। কেইবাটাও নিৰ্বাচনত বিভিন্ন দলৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ কৌশল নিৰূপণ কৰি সেই দলবোৰক ক্ষমতালৈ অনাৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা।

২০১১ত গুজৰাটত মোদীক পুনৰ ক্ষমতালৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল প্ৰশান্ত কিশোৰে। ২০১৪ত মোদীৰ নেতৃত্বত বিজেপিক কেন্দ্ৰত ক্ষমতালৈ অনাত অন্যতম ভূমিকা আছিল প্ৰশান্ত কিশোৰ।

তৃণমূল পৰ্যায়লৈ গৈ সাধাৰণ মানুহৰ মনৰ কথাৰ বুজ লৈ প্ৰশান্ত কিশোৰে নিৰূপণ কৰে নিৰ্বাচনী প্ৰচাৰৰ কৌশল। অসমৰ জোঁৱাই প্ৰশান্ত কিশোৰে আৰু কেইবাটাও নিৰ্বাচনত JDU, DMK, তৃণমূল কংগ্ৰেছ আদি দলৰ সৈতে কাম কৰি সেই দলৰ চৰকাৰ সমূহক ক্ষমতাত অধিষ্ঠিত কৰাত সহায় কৰিছিল। এই প্ৰশান্ত কিশোৰে এতিয়া ভৱিষ্যৎবাণী কৰিছে দেশৰ পৰবৰ্তী চৰকাৰে বিজেপিৰ হ’ব বুলি।

প্ৰশান্ত কিশোৰৰ মতে বিজেপিৰ আসনৰ সংখ্যা ২০১৯ৰ দৰেই ৩০৩ বা অধিক হ’ব।

এই ক্ষেত্ৰত বিজেপিৰ নিৰ্বাচনী কৌশল সফল হৈছেঃ প্ৰশান্ত
‘বিজেপি এইবাৰ সফল হ’ল গ’লপষ্ট সলনি কৰাত’
বিজেপিৰ ৪০০ পাৰ শ্ল’গানো সহায়ক হ’ল বিজেপিৰ কৌশলত
নিৰ্বাচনৰ পূৰ্বৰে পৰা আলোচনাৰ বিষয় হৈ ৰ’ল– বিজেপিয়ে ৪০০ আসন পাব নে নাই?
ক’ৰবাত ৰৈ গ’ল চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ২৭২

প্ৰশান্ত কিশোৰৰ মতে–বিজেপিৰ এই কৌশলে সমগ্ৰ দেশত যাদুৰ দৰে কাম কৰিলে। শাসক–বিৰোধী, সংবাদ মাধ্যম সকলোৱে বিজেপিয়ে ৪০০ পাব নে নাপায় সেই চৰ্চাত ব্যস্ত থাকিল। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ২৭২ৰ চৰ্চা কোনেও কৰা নাছিল, অৰ্থাৎ নিৰ্বাচনৰ পূৰ্ৱেই বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি এটা ধাৰণা প্ৰতিষ্ঠা কৰাত সফল হ’ল। বিজেপিৰ এই কৌশলে নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব বুলিও মন্তব্য প্ৰশান্ত কিশোৰৰ। সেয়ে কিশোৰৰ মতে– NDA পুনৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত তেওঁ কোনো বাধা দেখা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...