নগাঁৱৰ জাজৰিত চিকিৎসাকৰ্মীৰ কাণ্ডজ্ঞানহীনতা

নগাঁৱৰ জাজৰিত চিকিৎসাকৰ্মীৰ কাণ্ডজ্ঞানহীনতা। শিশুৰ মূৰত ঔষধৰ সলনি ঢালিলে এচিড। দলংঘাট মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দুৰ্ঘটনাত আহত এটি শিশুক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত। দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাত পাইছিল শিশুটিয়ে। আঘাত পৰিস্কাৰ কৰি আছিল এগৰাকী নাৰ্ছে। আঘাতৰ স্থানত ঔষধৰ পৰিৱৰ্তে ঢালি দিলে এচিড। মূৰত এচিড ঢালি দিয়াত আঘাত অধিক গুৰুতৰ হয় শিশুটিৰ। শিশুটিৰ পৰিয়ালৰ সন্মুখতে নাৰ্ছে কৰিলে এই ভয়ংকৰ কাণ্ড। শিশুটিয়ে লগে লগে প্ৰচণ্ড বিষত আৰ্তনাদ কৰে চিকিৎসালয়ত। এচিড ঢালি দিয়াৰ এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসালয়তে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে পৰিয়ালটোৱে। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিয়ালটোক ভয়-ভাবুকি দিয়াৰ অভিযোগ। উপায়ন্তৰ হৈ শিশুটিক পৰিয়ালটোৱে লৈ যায় নগাঁৱলৈ। শিশুটিৰ মূৰত এচিড ঢলা বুলি নিশ্চিত কৰে নগাঁৱৰ চিকিৎসকে। ঘটনা সন্দৰ্ভত চিকিৎসক, স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বড়ি বজাৰ থানাত গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...