পুষ্টিকৰ বুলি খাই থকা কল, আপেলে আপোনাৰ উপকাৰ কৰিব নে অপকাৰ?

আপুনি পুষ্টিকৰ বুলি খাই থকা কল-আপেলে আপোনাৰ উপকাৰ কৰিবনে অপকাৰ। শুনি খাপচৰা যেন লাগিলেও এতিয়া এই প্ৰশ্ন প্ৰাসংগিক। কাৰণ সুস্বাদু আৰু স্বাস্থ্যসন্মত ফলৰ নামত হয়তো আপুনিও খাই আছে বিষাক্ত, শৰীৰৰ বাবে অপকাৰী ফল-মূল। দুষ্ট চক্ৰই ফলৰ নামত আপোনাক খুৱাইছে নেকি বৰবিহ? হয় ঠিকেই শুনিছে। আপুনি খাই ভালপোৱা ফলত এতিয়া বৰবিহ কাৰ্বাইড। অতিমাত্ৰা কাৰ্বাইড ব্যৱহাৰ হৈছে আম, কল, অমিতা আদি ফলত। আৰু এই ফলমূল কম সময়ত পকাবৰ বাবেই ব্যৱহাৰ কৰা হয় মেগনেছিয়াম কাৰ্বাইড। এই কাৰ্বাইডযুক্ত ফল গ্ৰহণ কৰিলে আপুনি আক্রান্ত হব পাৰে দুৰাৰোগ্যত। কৰ্কট, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্রান্ত হব পাৰে আপুনি! একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা আদায়ৰ বাবে একে ৰাতিতে ফল পকাবৰ বাবেই ফলত মিহলি কৰে এই কাৰ্বাইড। এই খবৰ বিয়পি পৰাৰ লগেলগে দুষ্ট চক্ৰৰ বিৰুদ্ধে চৰকাৰক সৰৱ হবলৈ আহ্বান জনাইছে ৰাইজে।

গুৱাহাটী, তিনিচুকীয়া, বঙাইগাঁৱত সৰ্বাধিক বিক্ৰী হয় কাৰ্বাইড মিহলি ফল। এই দুষ্টচক্ৰ, ফলমূলৰ বেপাৰীৰ বিৰুদ্ধে তৎপৰ হব লাগিব খাদ্য আৰু অসামৰিক যোগান বিভাগ। কাৰ্বাইড মিহলি ফল-মূল বিক্ৰী কৰাৰ তথ্য পালেই দুষ্টচক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লব লাগিব খাদ্য আৰু অসামৰিক যোগান বিভাগে ।জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা এনে ফল বিক্ৰী হৈ আছে কেনেকৈ? কাক মেনেজ কৰি চলাই গৈছে কাৰ্বাইড মিহলি কৰা ফলমূলৰ বেহা? জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে ব্যৱসায়ীৰ বিৰুদ্ধে কিয় মৌনতা অৱলম্বন কৰিছে বিভাগে? ফল-মূল পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে কেন্দ্ৰীয় চৰকাৰে। নিষিদ্ধ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ উদ্বেগজনক। সেয়ে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ফলৰ ব্যৱসায়ীসকলক সতৰ্ক কৰি দিছে যে বিশেষকৈ আমৰ বতৰত ফল কৃত্ৰিমভাৱে পকোৱাৰ বাবে কেলচিয়াম কাৰ্বাইডৰ ওপৰত নিষেধাজ্ঞা মানি চলাটো কঠোৰভাৱে নিশ্চিত কৰক। এফ এছ এছ এ আই(FSSAI)য়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সুৰক্ষা বিভাগসমূহক অবৈধ কাম-কাজত জড়িত ব্যক্তিৰ বিৰুদ্ধে, আইন অনুসৰি গুৰুতৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ আৰু কঠোৰভাৱে মোকাবিলা কৰিবলৈ পৰামৰ্শ দিছে। ৰাষ্ট্ৰীয় খাদ্য নিয়ন্ত্ৰকে ফল পকিবলৈ নিৰাপদ বিকল্প হিচাপে ইথিলিন গেছ ব্যৱহাৰত অনুমোদন জনাইছে। সেই অনুসৰি শস্য, জাত আৰু পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰি ইথিলিন গেছ ১০০ পিপিএম পৰ্যন্ত ঘনত্বত ব্যৱহাৰ কৰিব পাৰি। ফলস্বৰূপে প্ৰাকৃতিকভাৱে পোৱা হৰম’ন ইথিলিনে ৰাসায়নিক আৰু জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ক্ৰমৰ সূচনা আৰু পৰিচালনা কৰি পকোৱা প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। কেলচিয়াম কাৰ্বাইডে এচিটিলিন গেছ নিৰ্গত কৰে য’ত যিবোৰ ক্ষতিকাৰক। ইয়াৰ ফলত গুৰুতৰ স্বাস্থ্যজনিত সমস্যা যেনে মূৰ ঘূৰোৱা, সঘনাই পিয়াহ লগা, দুৰ্বলতা, গিলিবলৈ অসুবিধা হোৱা, বমি, ছালৰ আলচাৰ আদি হব পাৰে। গতিকে আপুনিও সাৱধান হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...