প্ৰেমিক-প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় অত্যাচাৰ চলালে কেইজনমান লোকে

আমাৰ সমাজত কি হৈছে। এতিয়াও সুযোগ পালে অমানৱীয় আচৰণ কৰে একাংশ লোকে। আইন-কানুনৰ কথা কেৰেপ নকৰে। পাশৱিক নিৰ্যাতন চলাবলৈও কুণ্ঠাবোধ নকৰে একাংশই। তেনে কেইবাটাও ঘটনাই জোকাৰি গৈছে ৰাজ্য। দুদিন পূৰ্বে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল বঙাইগাঁৱত। বঙাইগাঁৱৰ বৰঝোৰা পাহাৰত সংঘটিত ঘটনাই জোকাৰি গৈছে ৰাজ্য। পাহাৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ যোৱা প্ৰেমিক-প্ৰেমিকাৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিলে পাষণ্ডৰ এটা দলে। সেই ঘটনাৰে জৰিত ৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এটা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। অভয়াপুৰীৰ লুঙাই পাহাৰলৈ যোৱা প্ৰেমিক-প্ৰেমিকাকো অকথ্য নিৰ্যাতন চলালে এদল যুৱকে। বৰঝোৰাৰা যি ঘটনা সেই ঘটনাই বঙাইগাঁওবাসীকেই নহয় সমগ্ৰ ৰাজ্যবাসীকে লজ্জানত কৰিছে। ঘটনাৰ বিৱৰণী শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব।

আপোনাৰ মনলৈও প্ৰশ্ন আহিব, মানুহৰ ইমান নিকৃষ্ট মানসিকতা কেনেকৈ। বঙাইগাঁও সদৰ থানাৰ অধীনষ্ঠ ভূমেশ্বৰ পাহাৰৰ ৱাটাৰ ফলচৰ দৃষ্টিনন্দন দৃশ্য চাবলৈ যায় বহু মানুহ। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ, মাদকতাৰ বাবে এই ঠাইলৈ আহে ভিন্ন প্ৰান্তৰ লোক। তাকেই কৰি যেন মাৰাত্মক ভুল কৰিলে চিৰাঙৰ এহাল প্ৰেমিক-প্ৰেমিকাই। জলপ্ৰপাতটো চাবলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ লগত ৫টা পাষণ্ডই যি কাম কৰিলে শুনিলে আপোনাৰো নাক কোচ খাব। ঘৃণা উপজিব। প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় অত্যাচাৰ চলালে কেইজনমান লোকে। দুই প্ৰেমিক প্ৰেমিকাক অসভ্যৰ দলটোৱে উলংগ কৰিলে। ভয়-ভাবুকিৰে চকুৰ সন্মুখত মুকলিত যৌনকাৰ্যত লিপ্ত হবলৈ বাধ্য কৰোৱালে। সেই ভিডিঅ মোবইলত ৰেকৰ্ড কৰিলে নৰাধমকেইটাই। ধনদাবী কৰি ভিডিঅ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিলে। সিমানতেই পাষণ্ডকেইটাৰ অমানৱীয়তা শেষ নহল। কিশোৰ প্ৰেমিকক টকা উলিয়াবলৈ এটিএমলৈ পঠিয়াই দিলে লোককেইজনে। তাৰ পাছত কিশোৰীগৰাকীক নৰপিশাচকেইটাই আৱদ্ধ কৰি যৌন নিৰ্যাতন চলালে। এই ঘটনাক লৈ লজ্জিত বঙাইগাঁওবাসী। প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আহি মানুহৰ জঘন্য ৰূপ দেখিলে সেই কিশোৰ-কিশোৰীহালে। কিমান ভয়ানক ঘটনা এবাৰ চিন্তা কৰক। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে ৫টা পাষণ্ডক। জিৰেণ সৰকাৰ, সেবোৰাম সৰকাৰ, বিল্টু ৰাভা, সুনিত ৰাভা আৰু ডালিম বৰ্মণ আৰক্ষীৰ জালত পৰিছে। স্থানীয় লোক তথা গাঁওবাসীয়ে স্পষ্টকৈ কৈছে মানুহৰ শাৰীত নপৰা কাম কৰিছে এওঁলোকে। প্ৰশাসনে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অঞ্চলটোত। ইমান অসভ্য মানুহ। ঘটনাৰ দৃশ্য মোবাইলে মোবাইলে বিয়পি পৰাৰ পাছতেই POCSOআইনৰ লগতে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কিশোৰ-কিশোৰীৰ পৰা ধন আদায় কৰিছিল এই পাষণ্ডকেইটাই। সেই তথ্যও লাভ কৰিছে আৰক্ষীয়ে। এই ঘটনাই জোকাৰি গৈছে বঙাইগাঁও জিলাক। বঙাইগাঁৱৰ পাহৰৰ দৃশ্য উপভোগ কৰিবলৈ ভিন্ন ঠাইৰ পৰা আহে পৰ্যটক। কিশোৰ-কিশোৰী, যুৱক-যুৱতী। এই ঘটনাৰ পাছতেই ততপৰতা প্ৰশাসনৰ। জলপ্ৰপাত বা অন্যান্য উপভোগ্য দৃশ্য থকা স্থানত আৰক্ষীয়ে কৰিব পহৰাৰ ব্যৱস্থা। এই কথা জনালে বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই। বঙাইগাঁওৰ বৰঝোৰা কাণ্ডৰ পাছতে পুনৰ পোহৰলৈ আহিছে অভয়াপুৰীত সংঘটিত আন এক পাশৱিক কাণ্ড। এইবাৰৰ স্থান অভয়াপুৰীৰ লুঙাই পাহাৰ। লুঙাই পাহাৰলৈ ফুৰিবলৈ গৈছিল এহাল প্ৰেমিক-প্ৰেমিকা। তেতিয়াই এদল যুৱকে আবদ্ধ কৰে দুয়ো প্ৰেমিক-প্ৰেমিকাক। শাৰীৰিক অত্যাচাৰ চলাই দুয়োৰে ওপৰত। যুৱতীগৰাকীকো মাৰপিট কৰে যুৱকৰ দলটোৱে। যোৱা ৭ মেত সংঘটিত হৈছিল এই ঘটনা। বৰঝোৰা কাণ্ড পোহৰলৈ অহাৰ পাছতেই এই ঘটনাৰ ভিডিঅ এতিয়া বিয়পিছে ছচিয়েল মিডিয়াত। অভয়াপুৰীৰ জঘন্য ঘটনা সন্দৰ্ভতো তদন্ত আৰম্ভ কৰাৰ কথা কলে বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই।

গোৱালপাৰাতো সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হল। দুধনৈত ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হোৱা মাৰপিটত আঘাটপ্ৰাপ্ত এজন যুৱকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোৱালপাৰাত৷ এটা জঘন্য ঘটনা সংঘটিত হৈছিল যোৱা ৩ মে’ত৷ দুধনৈত অনুষ্ঠিত ৰংজালী বৈশাগুৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি দুই কিশোৰীয়ে ঘৰলৈ গৈ থকা সময়তে তিনি পাষণ্ডই ধৰ্ষণ কৰি কিশোৰী দুগৰাকীক পথৰ দাঁতিত পেলাই দিছিল৷ পাছত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দুধনৈ থানাত এজাহাৰ দাখিল কৰাত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে লগেলগে ধৰ্ষণকাণ্ডৰে জড়িত মূল অভিযুক্ত ধন তালুকদা ক গ্ৰেপ্তাৰ কৰিছিল৷ দুই ধৰ্ষণকাৰীয়ে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে মাৰাথান অভিযান চলাই ৬ মে’ত ধৰ্ষণকাণ্ডৰ লগত জড়িত আন দুই পাষণ্ড বাহাৰ আলী আৰু ৰহমান আলীক মাটিয়াৰ দলগোমাৰ পৰা গ্ৰেপ্তাৰ কৰে৷ পাছত এই ঘটনাক কেন্দ্ৰ কৰি যোৱা সাৰাপাৰা গাঁৱত ঘটনাৰ মূল অভিযুক্ত ধন তালুকদাৰৰ ঘৰত সোধাপোচা কৰিবলৈ যোৱাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হৈছিল৷ এই মাৰপিটত ৬জনকৈ লোক আহত হৈছিল৷ ভুক্তোভোগীৰ কিশোৰীৰ গাঁৱৰ হিৰন্ময় খাখলাৰী যুৱকজনক ডেগাৰ-খুকুৰীৰে আঘাত কৰিছিল আন একাংশই৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ কিন্তু গুৰুতৰভাৱে আহত যুৱক হিৰন্ময়ক GNRCত ভৰ্তি কৰাবলগীয়া হয়। চিকিৎসাধীন অৱস্থাতে হিৰন্ময় খাখলাৰীৰ মৃত্যু হয়৷ ইফালে ঘটনাৰ লগত জড়িত সকলো কালপ্ৰিট কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে গোৱালপাৰা দল-সংগঠনে।
এনে কেইবাটাও ঘটনাই জোকাৰি গৈছে ৰাজ্য। সভ্য সমাজক লজ্জানত কৰি যোৱা ইটোৰ পাছত সিটো ঘটনাই উদ্ৰেক ঘটাইছে বহু প্ৰশ্ন। এতিয়াও যেন একাংশ লোকৰ মানসিকতা সামান্য পৰিমাণেও সলনি হোৱা নাই। প্ৰেম-প্ৰেমিক-প্ৰেমিকা আদিক যেন এতিয়াও একাংশই সহজভাবে লব নোৱাৰে। মনে মিলা মানুহজনৰ সৈতে নীৰৱে কিছু সময় অতিবাহিত কৰিব বিচৰাটোও যেন অপৰাধ। সুযোগ-সুবিধা বুজি নিজৰ অসত অভিপ্ৰায় চৰিত্ৰাৰ্থ কৰা নিকৃষ্ট মনৰ মানুহৰ আমাৰ সমাজত অভাৱ নাই। আইন কানুনক গুৰুত্ব নিদি ধৰ্ষণৰ দৰে ঘটনা এতিয়াও ঘটিয়েই আছে ৰাজ্যত। এইধৰণৰ ঘটনাই কি প্ৰমাণ কৰিছে। আমাৰ সমাজত কিয় এই স্খলন। এই কথাবোৰ এতিয়া বিস্তৃতভাবে আলোচনা কৰাৰ প্ৰয়োজন। লগতে দোষীক দৃষ্টান্তমূল শাস্তি প্ৰদান কৰিবলৈও দাবী জনাইছে সকলোৱে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...