অনুসন্ধানৰ পিছতো তদন্তক লৈ আশ্বস্ত নহয় ভুক্তভোগীৰ পৰিয়াল

সমাজত এনে বহু অপৰাধ জনিত ঘটনা সংঘটিত হয়, যাৰ ন্যায় প্ৰাপ্তিৰ বাবে বছৰৰ পিছত বছৰ অপেক্ষা কৰিব লগীয়া হয় ভুক্তভোগীৰ পৰিয়ালে। কিন্তু তেনে ক্ষেত্ৰত সকাহ এটাই। পলমকৈ হ’লেও ন্যায় প্ৰাপ্তি সম্ভৱ হৈ উঠে। কিন্তু কেতিয়াবা এনে কিছুমান অনাকাংক্ষিত ঘটনা সংঘটিত হয়, যাক লৈ বিভিন্ন তদন্তকাৰী সন্থাৰ পুংখানুপুংখ অনুসন্ধানৰ পিছতো তদন্তক লৈ আশ্বস্ত নহয় ভুক্তভোগীৰ পৰিয়াল।

অসম আৰক্ষীত কৰ্মৰত SI জোনমণি ৰাভাৰ মৃত্যুৰ কাহিনীও অনুৰূপ। জোনমণি ৰাভাক সম্ভৱতঃ অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব। বিধায়কৰ ভাবুকিক কেৰেপ নকৰা, নিজৰ প্ৰেমিককে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা ডাবাং মহিলা আৰক্ষী উপ পৰিদৰ্শক আছিল জোনমণি ৰাভা। মৃত্যুৰ সময়ত নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাম কৰি আছিল জোনমণি ৰাভাই।

২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল জোনমণিয়ে। মৃত্যুৰ পিছতে জোনমণিক পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপিত হৈছিল। ১৬ মে’ৰ পুৱতি নিশা নগাঁও জখলাবন্ধাৰ ৰাজপথত ৰহস্যজনকভাবে নিজৰ দুৰ্ঘটনাগ্ৰস্ত মাৰুতি এছপ্ৰেছ’ বাহনখনতে উদ্ধাৰ হৈছিল জোনমণিৰ মৃতদেহ। জোনমণিৰ ৰৈ থকা বাহনখনত খুন্দিয়াইছিল এখন ট্ৰাকে। ট্ৰাক খন জব্দ হৈছিল। কেইবাদিনো পিছত গ্ৰেপ্তাৰ হৈছিল ট্ৰাকচালক। সেই সময়তে পোহৰলৈ অহা বহু ঘটনাৰ বাবে ক্ৰমাৎ গভীৰতালৈ সোমাই গৈছিল জোনমণি ৰাভাৰ মৃত্যু ৰহস্য।

ঘটনাৰ কিছুদিন পূৰ্বে নকল সোণ আৰু জাল নোটৰ বেহা সন্দৰ্ভত সুদূৰ লখিমপুৰত এক অভিযান চলাইছিল জোনমণি ৰাভাই। অভিযানৰ সময়তে এজন অভিযুক্তৰ পৰা জোনমণিয়ে ৬ লাখ টকা ধনদাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। পিছত নগাঁও আৰক্ষীয়ে জনোৱা মতে সেই অভিযানৰ বাবে শীৰ্ষ বিষয়াৰ অনুমতি লোৱা নাছিল জোনমণিয়ে। অভিযুক্তৰ সৈতে জোনমণিৰ ধনৰ লেনদেনৰ তথ্যও পোহৰলৈ আহিছিল। সেই ধনদাবীৰ ঘটনাক লৈ লখিমপুৰত জোনমণিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

ঘটনাৰ দিনা গ্ৰেপ্তাৰেই হ’লহেঁতেন জোনমণি। জোনমণিৰ মৃত্যুৰ কেইঘন্টামান পূৰ্বে তেওঁৰ ঘৰতো চলিছিল নগাঁও আৰক্ষীৰ অভিযান। কথাবোৰে সন্দিহান কৰি তুলিছিল জোনমণিৰ পৰিয়াল আৰু সমগ্ৰ অসমৰ ৰাইজক। বাৰে বাৰে অভিযোগ উঠছিল জোনমণিৰ পৰিকল্পিত হত্যাৰ। পোহৰলৈ আহিছিল লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ ভয়ংকৰ বেহাৰ সৈতে অসম আৰক্ষীৰ বহু বিষয়াৰ গোপন মিতিৰালিৰ লাজলগা অধ্যায়। সেই কথা পোহৰলৈ অহাৰ ভয়তে জোনমণিক অজ্ঞাত চক্ৰই হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। দাবী উঠিছিল নিৰপেক্ষ আৰু উচিত তদন্তৰ। ঘটনাৰ তদন্ত প্ৰথমে অসম আৰক্ষীয়েই কৰিছিল যদিও পৰিয়াল আৰু ৰাইজৰ হেঁচাত জোনমণিৰ মৃত্যুৰহস্যৰ তদন্ত দিয়া হৈছিল CBIক। CBIৰ জেৰাৰ সন্মুখীন হৈছিল নগাঁও লখিমপুৰৰ শীৰ্ষ আৰক্ষী বিষয়া। CBI তদন্তৰ পূৰ্বে কেইবাজনো আৰক্ষীক বিভাগীয়ভাৱে শাস্তিও বিহা হৈছিল।

জোনমণিৰ মৃত্যু সংক্ৰান্তীয় ৪টাকৈ গোচৰৰ তদন্ত কৰি শেষত CBIয়ে তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদনত ক’লে- হত্যাৰ বলি হোৱা নাছিল জোনমণি ৰাভা। জোনমণিয়ে আত্মহত্যাও কৰা নাছিল। জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাতে হৈছিল।

CBIয়ে আদালতত দাখিল কৰা এই চূড়ান্ত প্ৰতিবেদনৰ কিছুদিন পিছতে জোনমণিৰে মাতৃ সুমিত্ৰা ৰাভাই আদালতলৈ গৈ উঠাই লৈছিল গোচৰো। মাকে এতিয়াও কয়- ছোৱালীজনীক ন্যায় দিয়াব নোৱাৰিলোঁ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...