সফলতাৰ শিখৰত উপনীত হৈও তেওঁ পাহৰা নাই নিজৰ শিপা

বলীউডৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। পাৰাপাৰহীন জনপ্ৰিয়তা শিল্পীজনৰ। এটা বহুবিলাসী জীৱন-যাপন কৰিব পৰাকৈ সামৰ্থ আছে তেওঁৰ। তথাপি অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছে তেওঁ। দেশে-বিদেশে শিল্পীজনৰ আছে অগণন অনুৰাগী। হয়তো আপুনিও তেওঁৰ অনুৰাগী।

সফলতাৰ শিখৰত উপনীত হৈও তেওঁ পাহৰা নাই নিজৰ শিপা
তেওঁৰ জীৱন-যাপন শৈলী তেনেই সাধাৰণ
তেওঁৰ সম্পত্তিৰ পৰিমাণে আচম্বিত কৰিব আপোনাকো
মাত্ৰ কেইটামান বছৰতে দ্ৰুতগতিত বাঢ়িছে তেওঁৰ বেংক বেলেঞ্চ
ভাৰতৰ সৰ্বাধিক টেক্স দিয়া কণ্ঠশিল্পী তেওঁ

মুৰ্ছিবাদৰ জিয়াগঞ্জৰ সেই অখ্যাত ল’ৰাজনৰ এতিয়া জগতজোৰা সুনাম। সেই সুনামৰ অধিকাৰী ল’ৰাজন হৈছে অৰিজিৎ সিং। সফলতাৰ শিখৰত উপনীত হৈও নিজৰ শিপাক পাহৰা নাই অৰিজিতে। অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছে অৰিজিৎ সিঙে। দেশৰ আটাইবোৰ কণ্ঠশিল্পীৰ ভিতৰত সৰ্বাধিক টেক্স দিয়ে অৰিজিতে।

সম্প্ৰতি অৰিজিৎ সিঙৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০০ কোটি

ছবিৰ এটা গীতত কণ্ঠদানৰ বিনিময়ত অৰিজিতৰ পাৰিশ্ৰমিক ১৮ৰ পৰা ২০ লাখ টকা। কিন্তু চিনেমাৰ তুলনাত অৰিজিৎ সিঙৰ লাইভ শ্ব’ৰ পাৰিশ্ৰমিক বেছি। ৪৫ মিনিটৰ এটা অনুষ্ঠানত বিনিময়ত অৰিজিৎ সিঙৰ পাৰিশ্ৰমিক ডেৰ কোটি টকা। অৰিজিৎ সিঙৰ প্ৰতিমাহৰ উপাৰ্জন প্ৰায় ৮ কোটি টকা। মুম্বাইত প্ৰায় ৮ কোটি মূল্যৰ তিনিটা বিলাসী ফ্লেট আছে শিল্পীজনৰ। আৰ্টিগা,ইন’ভাকে আদি কৰি আছে কেইবাখনো বিলাসী বাহন। কিন্তু প্ৰায়ে এখন সাধাৰণ স্কুটী চলাই মুম্বাইৰ বিভিন্ন স্থানত ঘূৰি ফুৰে অৰিজিৎ সিং। বিলাসী গাড়ীৰ পৰিৱৰ্তে পত্নীক লৈ স্কুটীতহে ঘূৰিবলৈ ভাল পায় অৰিজিতে। বিগত কিছুবছৰত দ্ৰুতগতিত বেংক বেলেঞ্চ বাঢ়িছে অৰিজিত সিঙৰ।

২০২২ত অৰিজিৎ সিঙৰ বছৰি আয় আছিল ৫২ কোটি
২০২১ত ৪৭ কোটি উপাৰ্জন কৰিছিল অৰিজিৎ সিঙে
২০২০ত অৰিজিতৰ আয় আছিল ৪২ কোটি
২০১৯ চনত অৰিজিতৰ আয় আছিল ৩৫ কোটি টকা
সম্প্ৰতি মাহিলী ৬ কোটি উপাৰ্জন কৰে কণ্ঠশিল্পীজনে

তথাপি একেদৰেই আছে তেওঁৰ জীৱন যাপনৰ শৈলী। সেই সাধাৰণ পোচাক, সাধাৰণ স্কুটী। এই সৰলতাৰ বাবেই অজস্ৰ লোকৰ বুকুত নিজাকৈ ঘৰ সাজিছে কণ্ঠশিল্পীজনে। কেৱল দেশতেই নহয়, নিজৰ কণ্ঠৰে বিদেশী সংগীতপ্ৰেমীৰো হৃদয় জিনিছে অৰিজিত সিঙে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...