ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত ‘সংস্কৃতি আৰু ঐতিহ্য’ শীর্ষক তিনিদিনীয়া প্ৰদৰ্শনী

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কোষে সোমবাৰে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ,বিশ্ববিদ্যালয়ৰ ইতিহাস, কলা, স্থাপত্য, আৰু ভ্ৰমণ আৰু পৰ্যটন বিভাগৰ সহযোগত ‘সংস্কৃতি আৰু ঐতিহ্য’ শীর্ষক এক তিনিদিনীয়া আকৰ্ষণীয় প্ৰদৰ্শনীৰ আয়োজন কৰে। ভাৰতৰ চহকী আৰু সমৃদ্ধ ইতিহাস বিজড়িত বিভিন্ন  সামগ্ৰী আৰু শিল্প প্ৰদৰ্শন কৰা হৈছে এই প্ৰদৰ্শনীত। এই প্ৰদৰ্শনী উদ্বোধন কৰে ডিন (একাডেমিক) ডঃ অংকুৰ গাংগুলী, ডঃ শীলা বৰা, উপদেষ্টা, ৰয়েল স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চাইন্সেছ । এই অনন্য প্ৰদৰ্শনীৰ সামৰণি পৰিব অহা ২২ মে’ত।

ইয়াৰ পিছতেই অনুষ্ঠিত হয় এক বিশেষ  বক্তৃতা প্রদান অনুষ্ঠান। এই অনুষ্ঠানৰ বিষয় বস্তু আছিল ‘শিল্প পুণৰ উজ্জীৱিকৰণ আৰু বিভিন্ন সম্প্ৰদায়ৰ ওপৰত ইয়াৰ আৰ্থ-সামাজিক প্ৰভাৱ”৷ এই সন্দৰ্ভত আলোকপাত কৰে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ’ৰ সঞ্চালক বন্দনা মাঞ্চনদাই।এই অনুষ্ঠানত উপস্থিত থাকে ডিন (একাডেমিক) ডঃ অংকুৰ গাংগুলী, ডঃ শীলা বৰা, উপদেষ্টা, ৰয়েল স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চাইন্সেছ, বিভাগীয় শিক্ষক লগতে ছাত্ৰ ছাত্ৰী সকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...