ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিল এক দুঃখবৰ। প্ৰখ্যাত গীতাৰিষ্ট সৌৰভ কুমাৰ দাস আৰু নাই। সাংস্কৃতিক মহলত ‘সোণটি’ নামেৰে পৰিচিত বিশিষ্ট বাদ্যযন্ত্ৰীগৰাকীয়ে নিশা মহানগৰীৰ চেনীকুঠিস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ।
জানিব পৰা মতে, বিগত কেইবাবছৰ ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছিল সৌৰভ কুমাৰ দাস। তেওঁৰ মৃত্যুৰ খবৰে ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ সৃষ্টি কৰিছে।
অসমৰ সংগীত জগতলৈ তেওঁৰ অৱদান আছিল উল্লেখযোগ্য। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰিদিপ দত্তকে ধৰি বহু বিশিষ্ট কণ্ঠশিল্পীৰ সৈতে গীতাৰত সংগত কৰিছিল তেওঁ। জীৱনৰ প্ৰথমাৱস্থাত জয়ন্ত হাজৰিকাৰ পৰা গীটাৰৰ শিক্ষা গ্ৰহণ কৰিছিল সৌৰভ কুমাৰ দাসে। পৰৱৰ্তী সময়ত গীটাৰকেই সংগী কৰি আগবঢ়াই নিছিল নিজৰ সংগীতৰ যাত্ৰা।
কেৱল এগৰাকী দক্ষ গীটাৰবাদক হিচাপেই নহয়, গীতিকাৰ আৰু সুৰকাৰ হিচাপেও তেওঁৰ আছিল সুকীয়া পৰিচয়। ৰাজ্যৰ প্ৰায় ১৫ৰ পৰা ২০টা সাংস্কৃতিক গোষ্ঠীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল তেওঁ। সংগীতৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়াই গৈছিল অনবদ্য অৱদান।
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে চেনীকুঠিস্থিত বাসগৃহত উপস্থিত হয় সাংস্কৃতিক জগতৰ বহু গণ্য-মান্য ব্যক্তি, শিল্পী আৰু গুণমুগ্ধ। সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰয়াত শিল্পীগৰাকীক।
আজি বিয়লি মহানগৰীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। মৃত্যুৰ সময়ত তেওঁ পত্নীক এৰি থৈ গৈছে।
সৌৰভ কুমাৰ দাসৰ বিয়োগ অসমৰ সংগীত আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ সৃষ্টিশীলতা আৰু সংগীতৰ অৱদান অনুৰাগীৰ মাজত সদায় স্মৰণীয় হৈ ৰ’ব।
