অভিবাসন নীতিক লৈ এতিয়াও কোনো পৰিৱৰ্তনৰ ঘোষণা কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে, নিজৰ প্ৰশাসনৰ অভিবাসন নীতি ৰূপায়ণৰ ক্ষেত্ৰত অত্যধিক কঠোৰতা অৱলম্বন কৰা হৈছিল বুলি স্বীকাৰ কৰিছে তেওঁ। দলৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে এই স্বীকাৰোক্তি ট্ৰাম্পৰ। অবৈধ অভিবাসীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ আৰু দেশৰ পৰা বহিষ্কাৰৰ অভিযান চলোৱাৰ সময়ত তেওঁৰ প্ৰশাসনে প্ৰয়োজনতকৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে, অভিবাসন নীতিত এতিয়াই কোনো পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা নাই তেওঁ।
ট্ৰাম্পৰ মতে, অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা অভিবাসীসকলৰ একাংশই পৰৱৰ্তী সময়ত কৰ্মসংস্থাপনৰ জৰিয়তে দেশখনৰ অৰ্থনীতিলৈ যথেষ্ট অৱদান আগবঢ়াইছে। এনে লোকসকলৰ প্ৰতিও কঠোৰ ব্যৱহাৰ কৰাটো ভোটাৰৰ একাংশই গ্ৰহণ কৰা নাই। অৱশ্যে, তেওঁৰ অভিবাসন নীতিয়ে আমেৰিকাৰ একাংশ লোকৰ সমৰ্থন লাভ কৰিছে বুলিও দাবী কৰিছে ট্ৰাম্পে।
চিবিএছ টেলিভিছন চেনেলৰ জনপ্ৰিয় অনুষ্ঠান ‘60 Minutes’ত দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে অবৈধ অভিবাসী বহিষ্কাৰৰ নীতি অত্যধিক কঠোৰ হৈ পৰিছিল। বিশেষকৈ অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ পিছতো যিসকল লোকে কৰ্মসংস্থাপন গ্ৰহণ কৰি কৰ পৰিশোধ কৰাৰ লগতে দেশখনৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াইছিল, তেওঁলোকৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। দেওবাৰে সম্প্ৰচাৰিত হয় এই সাক্ষাৎকাৰ।
উল্লেখ্য যে, যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত মিডটাৰ্ম নিৰ্বাচনত কংগ্ৰেছৰ দুয়োখন সদনতে পৰাজয়ৰ সন্মুখীন হয় ৰিপাব্লিকান দল। অভিবাসীসকলৰ প্ৰতি অমানৱীয় আচৰণৰ উপৰি ইৰানৰ সৈতে দীৰ্ঘদিনীয়া যুদ্ধ, অত্যধিক মূল্যবৃদ্ধি আৰু দেশখনৰ সামগ্ৰিক অৰ্থনৈতিক দুৰৱস্থাক লৈও ক্ষুব্ধ হৈ পৰিছিল ভোটাৰসকল।
অৱশ্যে, অপৰাধমূলক কাৰ্যকলাপত জড়িত অবৈধ অভিবাসীসকলক দেশৰ পৰা বহিষ্কাৰ কৰা আৰু সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নিজৰ নীতিয়ে ভোটাৰৰ সমৰ্থন লাভ কৰিছে বুলিও দাবী কৰে ট্ৰাম্পে। তেওঁৰ মতে, বহু লোকে লেণ্ডস্কেপিং কোম্পানী, হোটেল আৰু অন্যান্য প্ৰতিষ্ঠানত কাম কৰি আছে। তেওঁলোকৰ একাংশই কেৱল অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ বাবেই আইনগত ব্যৱস্থাৰ সন্মুখীন হৈছে। এনে লোকসকলকো বহিষ্কাৰ কৰাৰ সিদ্ধান্তত ভোটাৰৰ একাংশ অসন্তুষ্ট হোৱা বুলি মন্তব্য কৰে ট্ৰাম্পে।
ট্ৰাম্পৰ এই মন্তব্যই আমেৰিকাত কৰ্মৰত বিদেশী নাগৰিক, বিশেষকৈ ভাৰতীয় তথ্য-প্ৰযুক্তি খণ্ডৰ কৰ্মীসকলৰ মাজত কিছু আশাৰ সঞ্চাৰ কৰিব পাৰে। অৱশ্যে, তেওঁৰ এই বক্তব্যক এতিয়াই এইচ-১বি ভিছা, গ্ৰীণ কাৰ্ড অথবা ৱৰ্ক পাৰ্মিটৰ নিয়ম শিথিল কৰাৰ ইংগিত হিচাপে গণ্য কৰাটো উচিত নহ’ব। কিয়নো, মাৰ্কিন প্ৰশাসনে এতিয়ালৈকে অভিবাসন আইন, ভিছা নীতি অথবা বহিষ্কাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তনৰ ইংগিত দিয়া নাই।
ইফালে, এই সাক্ষাৎকাৰ ৰেকৰ্ড কৰাৰ পিছতে হোৱাইট হাউছৰ চীফ অৱ ষ্টাফ পদত ষ্টিফেন মিলাৰক নিযুক্তি দিয়ে ট্ৰাম্পে। অভিবাসন নীতিৰ ক্ষেত্ৰত মিলাৰ কঠোৰ স্থিতিৰ বাবে পৰিচিত। সেয়েহে, এফালে ৰাষ্ট্ৰপতিৰ মন্তব্যত কিছু নমনীয়তাৰ ইংগিত আৰু আনফালে কঠোৰ অভিবাসন নীতিৰ সমৰ্থক ষ্টিফেন মিলাৰক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান। এই দুয়োটা ঘটনাই আগন্তুক দিনত ট্ৰাম্প প্ৰশাসনে অভিবাসন নীতিৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰিব, তাক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
