অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান ব্যৱস্থা

অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান ব্যৱস্থা। বিভাগীয় মন্ত্ৰীয়ে সদনত দিয়া তথ্য অনুসৰি ২০২৫ৰ ভিতৰতেই গুৱাহাটী বাসীয়ে লাভ কৰিব ঘৰে ঘৰে পানী। কিন্তু ৰাজ্য চৰকাৰৰ এটা বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া শপতনামাই উন্মোচিত কৰিছে আন এক তথ্য। ২০২৯চনলৈকে দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিৰ কাম নহ’ব সম্পূৰ্ণ। শপতনামাত দিয়া এই তথ্যৰ পিছতেই পোহৰলৈ আহিছে এই পানী যোগান আঁচনিৰ আন কেতবোৰ তথ্য।

২০২৯লৈ গুৱাহাটীবাসীয়ে নাপাব খোৱাপানী!
গুৱাহাটী উচ্চ ন্যায়ালয়ত বিভাগীয় কৰ্তৃপক্ষৰ শপতনামাত উন্মোচিত তথ্য
অনিশ্চয়তাত দক্ষিণ-পূৱ গুৱাহাটী পানী যোগান আঁচনি!
২০১৮ চনৰ পৰা বন্ধ হৈ আছে দক্ষিণ-পূৱ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম
২০১৩ চনৰ পৰা আৰম্ভ হৈছিল প্রকল্পৰ কাম
কিন্তু আজিকোপতি প্ৰকল্পৰ কাম নহ’ল সম্পূৰ্ণ
ফলত ২০২৯ চনলৈ পানী নাপায় গুৱাহাটীৰ ৰাইজে
প্ৰকল্পৰ সঞ্চালক মেঘনিধি দাহালৰ শপতনামাত ফাদিল এই তথ্য
RTI Report বিচাৰিছিল চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সংস্থাই
তাৰপিছতে জ্যেষ্ঠ নাগৰিক সংস্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে এখন PIL
পানী যোগান প্ৰকল্পৰ নামত ৰাজ্য চৰকাৰক পুঁজি দিয়া বন্ধ কৰিছে বেংকে
পূৰ্বে ৰাজ্য চৰকাৰক পুঁজিৰ যোগান ধৰিছিল এছিয়ান ডেভলপমেণ্ট বেংকে
এতিয়া প্ৰশ্ন উঠিছে কেতিয়া জাইকাৰ পানী প্ৰকল্পৰ কাম সম্পূৰ্ণ হব?
কেতিয়া গুৱাহাটীৰ ৰাইজে ঘৰে ঘৰে পাব পানী?
অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...