মালা পিন্ধোৱাৰ চলেৰে কানহায়াক চৰ মাৰে এজন যুৱকে

প্ৰচাৰৰ মাজতে আক্ৰান্ত কানহায়া কুমাৰ
BJP প্ৰাৰ্থী মনোজ তিৱাৰীৰ ঘনিষ্ঠই চৰিয়ালে কানহায়াক!

উত্তৰ দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে মালা পিন্ধোৱাৰ চলেৰে কানহায়াক চৰ মাৰে এজন যুৱকে। কানহায়াৰ মুখন চিয়াহিও নিক্ষেপ কৰে। লগে লগে আক্ৰমণকাৰীক কৰায়ত্ব কৰি উত্তম–মধ্যম সোধাই একাংশই।

শুকুৰবাৰে সন্ধিয়া দিল্লীৰ কৰ্তাৰ নগৰত ঘটে এই ঘটনা
এই ঘটনাত আপৰ কাউন্সিলাৰ ছায়া গৌৰৱ শৰ্মাসহ আহত হয় কেবাগৰাকীও

সমগ্ৰ বিষয় লৈ থানাত ৰুজু কৰা লৈছে গোচৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে চলা আক্ৰমণক লৈ কানহায়া কুমাৰে শনিবাৰে এক সংবাদ সম্বোধন কৰি অভিযোগ কৰে BJP প্ৰাৰ্থী মনোজ তিৱাৰীৰ গুণ্ডাই এই আক্ৰমণ সংঘটিত কৰিছে।

পৰাজয়ৰ শংকাক বিজেপিয়ে দিকবিদিক হেৰুৱাই কৰিছে কাপুৰুষালি
BJPৰ প্ৰৰোচনাতে সংঘটিত হৈছে এই আক্ৰমণ!

আক্ৰমণকাৰী মনোজ তিৱাৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি কানহায়াই নিৰ্বাচনী প্ৰচাৰ সভাত মনোজৰ কাষতে আক্ৰমণকাৰী বহি থকাৰ ফটোও দেখুৱালে সাংবাদিকক।

ইফালে, আক্ৰমণকাৰী দুই যুৱকে কানহায়াক কৰা আক্ৰমণৰ যুক্তি দিলে কানহায়াই দেশ বিভাজনৰ কথা কোৱাৰ বাবেহে আক্ৰমণ কৰা হৈছে। কানহায়াৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিৰোধীয়ে। গৌৰৱ গগৈয়ে এই ঘটনাক নিন্দা কৰিছে। কিন্তু বিজেপিয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। পিছে সনাতনী সিংহ বুলি পৰিচয় দিয়া আক্ৰমণকাৰীৰ বিজেপিৰে ঘনিষ্ঠতা থকাতো স্পষ্ট হৈছে। আক্ৰমণকাৰীয়ে হাতত পিষ্টল লৈ আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰাৰ পুৰণি দৃশ্যও ভাইৰেল হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...