দোকানে দোকানে পৃথক দাম ব্ৰইলাৰৰ

গুৱাহাটী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যদি আপুনি ব্ৰইলাৰৰ মাংস কিনে তেন্তে দোকানে দোকানে ঘটে দামৰ তাৰতম্য। বাতৰিৰ খাতিৰত আমি অনুসন্ধান কৰোঁতে পাইকাৰী ব্যৱসায়ীসকলে কয় নাই, ব্ৰইলাৰৰ দাম বঢ়া নাই। তেন্তে প্ৰশ্ন হয় কোনে বঢ়াইছে ব্ৰইলাৰৰ দাম! ইয়াৰ আঁৰত আছে এক গোপন নেক্সাছ। ব্ৰইলাৰৰ দামৰ তাৰতম্যৰ বাতৰি কৰি NKTVৰ সাংবাদিকে কেঁচু খান্দোতে ওলাল সাপ।
দোকানে দোকানে পৃথক দাম ব্ৰইলাৰৰ
ক’ৰবাত যদি কম, ক’ৰবাত বেছি
পাইকাৰী দোকানীয়ে কয়- দাম বঢ়া নাই!
তেন্তে বিভাগক অংগুষ্ঠ দেখুৱাই কোনে বঢ়াইছে ব্ৰইলাৰৰ দাম?
ব্ৰইলাৰৰ দাম বঢ়ায় কিছু মধ্যভোগী কাৰ্যালয়ে
বকো, ছয়গাঁও আৰু বাইহাটাৰ প্ৰান্তে প্ৰান্তে আছে এনে কাৰ্যালয়

আজি আপোনাক এনে এটা আজৱ কাহিনী ক’ম, যি দেখি শুনি আপুনি হাঁহিব এটা অকৰ্মণ্য বিভাগৰ ওপৰত। হাঁহি উঠিব চৰ্চিত এটা বিষয়ক লৈ মূৰ পুলুকা মৰা প্ৰশাসনৰ ওপৰত। আপুনি ভালদৰে মন কৰিলে দেখিব যে গুৱাহাটী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যদি আপুনি ব্ৰইলাৰৰ মাংস কিনে তেন্তে দোকানে দোকানে ঘটে দামৰ তাৰতম্য। বাতৰিৰ খাতিৰত আমি অনুসন্ধান কৰোঁতে পাইকাৰী ব্যৱসায়ীসকলে কয় নাই, ব্ৰইলাৰৰ দাম বঢ়া নাই। কিন্তু খুচুৰা দোকানত কোনে কি দাম লয় সেই ভূ গ্ৰাহকেও নাপায়, পাইকাৰী ব্যৱসায়ীয়েও নাপায়, নাপায় প্ৰশাসনেও। তেন্তে প্ৰশ্ন হয় কোনে বঢ়াইছে ব্ৰইলাৰৰ দাম! আপুনি জানি আচৰিত হ’ব যে-

ব্ৰইলাৰৰ দাম বঢ়ায় কিছু মধ্যভোগী কাৰ্যালয়ে
বকো, ছয়গাঁও আৰু বাইহাটাৰ প্ৰান্তে প্ৰান্তে আছে এনে কাৰ্যালয়
নিজ খুচিমতে এই কাৰ্যালয়সমূহে বঢ়ায় ব্ৰইলাৰৰ দাম

প্ৰশাসন বা কোনো নিৰ্দিষ্টি বিভাগৰ ইয়াত হুকুম নচলে। সেই বিশেষ কাৰ্যালয়সমূহে যি দামেই নিৰ্দ্ধাৰণ কৰে, সেই দামেৰেই আপোনাক-মোক ব্ৰইলাৰৰ মাংস বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীয়ে। এতিয়া প্ৰশ্ন হয় উঠি ৰজা বহি ৰজা কোনে কোনে চলায় এই কাৰ্যালয়। প্ৰশাসন বা কোনো বিভাগে একো গমেই নাপায় নেকি এনে কাৰ্যালয়ৰ কথা। খুচুৰা বজাৰত ব্ৰইলাৰৰ মাংসৰ দামৰ তাৰতম্য, নিমাতী কন্যা যোগান বিভাগ, গুৱাহাটী পৌৰ নিগম। তেওঁলোকে কি কমিশ্বনৰ অংক কৰে নেকি এইসমূহ কাৰ্যালয়ৰ মধ্যভোগীৰ পৰা। আমি সুধিছিলো সকলো প্ৰশ্ন।

আমি প্ৰশ্ন কৰিলো, তেওঁলোকে উত্তৰ দিলে এনেকৈ। এতিয়া এই বাতৰিয়ে সংশ্লিষ্ট বিভাগৰ চকু কেনেকৈ মোকলায়, সেয়া সময়ে ক’ব। কিন্তু ইমানৰ পিছতো যদি দায়িত্বশীল বিষয়া কৰ্মচাৰীয়ে গান্ধাৰীৰ দৰেই চকু বান্ধি থাকে, তেন্তে প্ৰতিনিয়ত অধিক দাম ভৰি মাংস আপুনি বা মইয়ে কিনিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...