ঘৰত খেলাৰ চাপ নাই, উইকেট মোৰ চিনাকি: ৰিয়ান

‘যোৱা তিনিখন মেচৰ পৰাজয় এক বাস্তৱ সত্য যদিও আমি ইতিমধ্যে মনৰ পৰা সেয়া আঁতৰি পেলাইছো৷ আমি গুৱাহাটীলৈ আহিছো ইতিবাচক মানসিকতাৰে৷ আমাৰ লক্ষ্য কাইলৈৰ মেচত জয় অৰ্জন কৰা৷ দলৰ লগতে ময়ো আশাবাদী কাইলৈৰ মেচখনত আমি সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিম৷ কাৰণ গুৱাহাটীৰ উইকেট তুলনামুলকভাবে চেন্নাইৰ উইকেটতকৈ উন্নত৷ এয়া মোৰ ঘৰুৱা উইকেট আৰু মই এই উইকেটৰ চৰিত্ৰৰ বিষয়েও ভালদৰে অবগত৷ কাইলৈ এখন হাইস্ক’ৰিং মেচ হ’ব আৰু খেলৰ ফলাফলো আমাৰ পক্ষতে থাকিব৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ বেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগৰ৷উল্লেখ্য যে চলিত আই পি এলৰ অন্তিম দুখন লীগ মেচত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে কাইলৈ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব৷ কাইলৈৰ মেচত জয়লাভ কৰিলেই ৰয়েলছৰ প্লে-অফৰ যোগ্যতাও আনুষ্ঠানিকভাবে গুৱাহাটীতেই সম্পন্ন হ’ব৷

সেয়েহে গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে কাইলৈৰ মেচখনত সফলতা অৰ্জন কৰি পুনৰ জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব বুলি আজি দৃঢ়তাৰে সংবাদমেলত ব্যক্ত কৰে ৰিয়ানে৷চলিত ১৭ সংখ্যক আই পি এলত নক্ষত্ৰৰ দৰে উজ্বলি উঠা ৰিয়ানে ইতিমধ্যে খেলা ১২ খন মেচত ৪৮৩ ৰাণ কৰিছে৷ বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ প্ৰশংসা বুটলি গৌৰৱৰে জন্মভূমিলৈ অহা ৰিয়ানে নিজৰ ধাৰাবাহিকতা ঘৰুৱা সমৰ্থকৰ সন্মুখতো ধৰি ৰখাৰ চেষ্টা কৰিব বুলি সংবাদমেলত লগতে ব্যক্ত কৰে৷ আনহাতে, ঘৰত খেলাৰ বিষয়টো লৈ চাপ অনুভৱ নকৰে বুলিও ব্যক্ত কৰি ৰয়েলছৰ যুৱ তাৰকাজনে কয় ‘ কাইলৈৰ মেচখনত মই খেলপথাৰত খেলি থাকিলে এইটো নাভাবো যে মই মোৰ ঘৰৰ মানুহৰ সন্মুখত খেলিছো বা অসম আৰু উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰিছো৷

এয়া বাস্তৱ যদিও সেয়া মনত ভাবি থাকিলে খেলত প্ৰভাৱ পৰিব পাৰে৷ সেয়ে মই চাপ মুক্ত হৈ পূৰ্বৰ ১২ খন মেচত খেলাৰ দৰেই কাইলৈও খেলিম৷’উল্লেখ্য যে ১২ খন মেচত ১৬ পইণ্ট লাভ কৰি সম্প্ৰতি তালিকাৰ দ্বিতীয় স্থানত থকা ৰয়েলছে কাইলৈৰ মেচত অপেনাৰ জ’ছ বাটলাৰ অবিহনে খেলিব৷ বাটলাৰৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ দলত নথকাটো ৰয়েলছৰ বাবে দুখজনক যদিও খেলত ইয়াৰ প্ৰভাৱ নপৰে বুলি কয় ৰিয়ানে৷ ‘এইবাৰ আমাৰ সফলতাৰ কাৰণেই হৈছে আমি ব্যক্তিগত প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰশীল নহয়৷ আমি যোৱা তিনিখন মেচত যি ভুল কৰিছো সেয়া শুধৰণি কৰি কাইলৈ নতুন ৰণনীতিৰে খেলপথাৰত নামিব৷’ইফালে, চলিত আই পি এলত নিজৰ প্ৰদৰ্শন সন্দৰ্ভত ৰিয়ানে কয় ‘চাৰি নম্বৰ স্থানত খেলাটো আমাৰ দলীয় সিদ্ধান্ত আছিল৷ মই এই বছৰ ঘৰুৱা ক্ৰিকেটতো চাৰি নম্বৰ স্থানতে খেলিছো৷

দলে যি দায়িত্ব দিছে সেয়া পালন কৰাটোৱে মোৰ লক্ষ্য৷ উইকেট আৰু পৰিৱেশ-পৰিস্থিতি অনুসৰিয়ে মই নিজৰ ইনিংছ আৰম্ভ কৰো তথা¸ লক্ষ্য নিৰ্ধাৰণ কৰো ইনিংছৰ শেষলৈ খেলাৰ বাবে৷’ উল্লেখ্য যে সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে কাইলৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ ইতিমধ্যে ১৯ মে’ৰ খেলৰ টিকট আজি শেষ হৈছে৷ যদি গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে আই পি এলৰ ৰোমাঞ্চ ল’ব বিচাৰে তেন্তে কাইলৈৰ মেচৰ টিকট এতিয়াও উপলদ্ধ হৈ আছে৷ অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট ক্ৰয় কৰা নিৰ্বাচিত অনুৰাগীয়ে ৰিয়ানৰ লগত পৰিচয় হোৱাৰো সুযোগ পাব বুলি ৰয়েলছে জনাইছে৷ ইফালে, কাইলৈৰ মেচৰ দুঘণ্টা পূৰ্বে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...