বিশিষ্ট সমাজকর্মী, পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিৰুবালা ৰাভাৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

বিশিষ্ট সমাজকর্মী, পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে সামাজিক অনিয়ম, অন্ধবিশ্বাস, কু-প্রথা, ডাইনী-হত্যা আদিৰ বিৰুদ্ধে আজীৱন অসাধাৰণ সংগ্রাম চলাই যোৱা পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। মুখ্যমন্ত্রীয়ে কয় যে বৰেণ্য সত্তা বিৰুবালা ৰাভাই এক বিজ্ঞানমনস্ক সমাজ গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। মানৱতাবাদী বিৰুবালা ৰাভাৰ আদৰ্শই সকলো সামাজিক কু-প্রথা, অনিয়ম আদি নির্মূলেৰে এখন আদর্শ সমাজ গঢ়াৰ দিশত আত্মনিয়োগ কৰি যাবলৈ সকলোকে অনুপ্রাণিত কৰি থাকিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে বিৰুবালা ৰাভাৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্রীয়ে প্রয়াত বিৰুবালা ৰাভাৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰাৰ বাবেও যাবতীয় নির্দেশনা প্রদান কৰে। এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ বন আৰু পৰিৱেশ আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পর্যটন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাক তেওঁ নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...