লজ্জানত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ পৰিয়াল

৩ হাজাৰ ছেক্স ভিডিঅ’ক লৈ অব্যাহত বিতৰ্ক
‘ভাবুকি দি ‘নিৰ্যাতিতা’ক গোচৰ ৰুজু কৰিবলৈ বাধ্য কৰিছে SITএ’
প্ৰজ্বলৰ খুৰাক প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যত উত্তাল কৰ্ণাটক

কৰ্ণাটকত হাছান সমষ্টিৰ সাংসদ, JDSৰ নেতা লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থিত প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ ছেক্সটেপক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। ইতিমধ্যে প্ৰজ্বলৰ পিতৃ এইছ ডি ৰেৱান্না গ্ৰেপ্তাৰ হৈছে। প্ৰজ্বলৰ গোচৰৰ মাজতেই এইছ ডি ৰেৱান্নাৰ বিৰুদ্ধে মহিলাক অপহৰণৰ অভিযোগ উঠিছিল। অপহৃতা মহিলাৰ পুত্ৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ পুত্ৰ ৰেৱান্না। পিতা–পুত্ৰৰ কুকৰ্ময়ে কঁপাই গৈছে দেৱগৌড়াৰ পৰিয়ালক। লোকসভা নিৰ্বাচনৰ মাজতেই কৰ্ণাটকৰ ৰাজনীতিতো তোলপাৰ লাগিছে। ছেক্সটেপ প্ৰকাশ পোৱা লগে লগেই জাৰ্মানীলৈ পলায়ন কৰে প্ৰজ্বল ৰেৱান্নাই। কৰ্ণাটক আৰক্ষীয়ে গঠন কৰা SITএ ব্লু কৰ্ণাৰ জাননী জাৰি কৰিছে প্ৰজ্বলৰ বিৰুদ্ধে। ইয়াৰ মাজতো সমগ্ৰ ঘটনাক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰজ্বলৰ খুৰাক এইছ ডি কুমাৰস্বামীয়ে। কুমাৰস্বামীৰ উদ্ভট মন্তব্য-
SITএ বলপূৰ্বকভাৱে মিছা অভিযোগ কৰাইছে
‘নিৰ্যাতিতা’ক মিছা অভিযোগ দিবলৈ বাধ্য কৰাইছে SITএ
কুমাৰস্বামীৰ প্ৰশ্ন– ২৯০০ নিৰ্যাতিতা হৈছিল যদি ক’ত আছে তেওঁলোক?
কেন্দ্ৰীয় চৰকাৰক বিষয়টোক হস্তক্ষেপ কৰাৰ দাবী কুমাৰস্বামীৰ

কুমাৰস্বামীৰ এই মন্তব্যৰ পাছতেই জাঙোৰ খাই উঠিছে কংগ্ৰেছসহ অবিজেপি ৰাজনৈতিক দল আৰু বিভিন্ন দল–সংগঠন। ‘নিৰ্যাতিতা’ক লৈ JDSএ আৰু কুমাৰস্বামীহঁতৰ পৰিয়ালে সস্তীয়া ৰাজনীতি কৰাৰ অভিযোগ। ছচিয়েল মিডিয়াতো তোলপাৰ লাগিছে নিৰ্যাতিতাৰ অভিযোগক ভুৱা আখ্যা দিয়াক লৈ । কুমাৰস্বামীয়ে কৰ্ণাটক চৰকাৰে গঠন কৰা SITএ যি প্ৰক্ৰিয়াৰে তদন্ত চলাইছে তাতো সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এইছ ডি ৰেৱান্না আৰু প্ৰজ্বলৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল তাৰ প্ৰতিক্ৰিয়া দেখা গৈছে লোকসভা নিৰ্বাচনতো। প্ৰজ্বলক একালৰ গাড়ীচালকে প্ৰজ্বলৰ ছেক্সটেপ ভাইৰেল কৰাৰ অভিযোগ উঠিছিল। লোকসভা নিৰ্বাচনৰ মাজতে ভাইৰেল হৈ পৰে পেনড্ৰাইভত থকা যৌন কেলেংকাৰিৰ ভিডিঅ’। প্ৰায় ৩হাজাৰ ভিডিঅ’ এতিয়া বহুজনৰ হাতে হাতে। লজ্জানত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...