ক্ৰমাগত দুখন মেচত পৰাস্ত ৰয়েলছ, দলৰ ভুল স্বীকাৰ ছাংগাকাৰাৰ

ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্লে-অফত স্থান নিশ্চিত কৰিবলৈ বাকী থকা তিনিখন মেচৰ এখনত জয়লাভ কৰিব লাগিব৷ ছিজনৰ প্ৰথম নখন মেচৰ আঠখনতে জয়লাভ কৰি সুন্দৰ আৰম্ভনি কৰা ৰয়েলছে অন্তিম দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে৷ হায়দৰাবাদত পইণ্ট হেৰুওৱা ৰয়েলছে যোৱানিশা নতুন দিল্লীৰ অৰুন জেটলী ষ্টেডিয়ামত খেলা একাদশ মেচত ঘৰুৱা দল দিল্লী কেপিটেলছৰ বিৰুদ্ধেও ২০ ৰানত পৰাস্ত হয়৷

ক্ৰমাগত দুখন মেচত দলটোৰ এই ব্যৰ্থতা সম্পৰ্কত ৰাজস্থান ৰয়েলছৰ সঞ্চালক তথা মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই কয় যে মেচত কৰা কিছুমান আকস্মিক ভুলৰ বাবেই তেওঁলোকে পৰাজয়ৰ সন্মুখীন হৈছে৷ অৱশ্যে যোৱানিশাৰ মেচৰ ৰাজস্থান ৰয়েলছৰ ইনিংছৰ ১৬ নম্বৰ অভাৰত সঞ্জু চেমছনৰ প্ৰশ্নবোধক আউটে খেল সলনি কৰা বুলিও শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাৰজনে কয়৷

‘এয়া প্ৰত্যাহ৩ানমূলক৷ আমাৰ ছিজনৰ আৰম্ভণি কল্পনাতীত আছিল৷ কিন্তু বাটতে আমি থমকিছো৷ অৱশ্যে প্ৰতিযোগিতাখন এনেকুৱাই৷ শীৰ্ষত থকাৰ পাছতো আমি যেন বহুত বেছি আকস্মিক ভুল কৰিছো৷ খেলখন আগবাঢ়ি যোৱাৰ লগে লগে খেলপথাৰত ধৈয্য ধৰাৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ৷’ ছাংগাকাৰাই কয়৷

উল্লেখ্য যে অহা দেওবাৰে চেপকত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলাৰ পাছতে ৰয়েলছে অন্তিম দুখন মেচ খেলাৰ বাবে গুৱাহাটীলৈ আহিব৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত দলটোৱে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান দল৷

ইফালে, যোৱানিশাৰ মেচত বিপক্ষই বিস্ফোৰক বেটিং কৰাৰ পাছতো ৰবীচন্দ্ৰন অশ্বিন আৰু যুজবেন্দ্ৰ চাহালৰ বলিং সুন্দৰ আছিল বুলি কয় ৰয়েলছৰ প্ৰশিক্ষকজনে৷ ‘প্ৰথম ইনিংছৰ শেষৰ ফালে আমি কেইটামান অতিৰিক্ত ৰান দিলো৷ কাৰ্যতঃ সেয়াই টাৰ্ণিং পইণ্ট হ’ল৷ অৱশ্যে আমি মেচ নিয়ন্ত্ৰনত ৰাখিছিলো৷ পাৱাৰপ্লে ভাল হোৱা নাছিল যদিও সঞ্জু আৰু ৰিয়ানে আমাক খেললৈ প্ৰত্যাৱৰ্তন কৰাইছি৷ শুভম ডুবেৰ অৱদানো গুৰুত্বপূৰ্ণ আছিল৷ কিন্তু অন্তিম তিনি অভাৰত ডট বল বহুত হৈছিল৷ ডাঙৰ খেলত অনুশাসিত হোৱাটো প্ৰয়োজন৷’ ছাংগাকাৰাই লগতে ব্যক্ত কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধান খেতিত পানী ব্যৱহাৰৰ পৰিমান হ্ৰাস কৰিব IIT মাদ্ৰাজৰ ‘স্মাৰ্ট’ প্ৰযুক্তিয়ে

ভাৰতত ধান খেতিত যথেষ্ট পৰিমাণৰ পানী ব্যৱহৃত হয়। এই...

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...