সফলতাৰ বাবে অধিনায়ক, প্ৰশিক্ষক, দলীয় মেনেজমেণ্টক কৃতিত্ব দিলে সন্দীপ শৰ্মাই

আঘাতৰ পাছত সফল প্ৰত্যাৱৰ্তন কৰি প্ৰথমখন মেচতে পাঁচ উইকেট দখলৰে দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৰাজস্থান ৰয়েলছৰ পেচ বলাৰ সন্দীপ শৰ্মাই এই সফলতাৰ বাবে আৰ আৰৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰা আৰু অধিনায়ক সঞ্জু চেমছনৰ লগতে দলীয় মেনেজমেণ্টকো বলাৰসকলক মুক্তভাবে প্ৰদৰ্শন কৰিবলৈ উৎসাহ দিয়াৰ বাবে কৃতিত্ব প্ৰদান কৰিছে৷ উল্লেখ্য যে সোমবাৰে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চলিত আই পি এলৰ এখন মেচত টীম ইণ্ডিয়াৰ প্ৰাক্তন সদস্য সন্দীপে টি-২০ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পাঁচটা উইকেট দখল কৰি মুম্বাইৰ বিৰুদ্ধে ৰাজস্থান দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

খেলখনত প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত সংবাদমেলত সন্দীপে কয় যে সঞ্জু চেমছন এজন বলাৰৰ বাবে সহায়কাৰী অধিনায়ক আৰু ৰয়েলছৰ অধিনায়কৰ অধীনত খেলি তেওঁ কেৰিয়াৰটো এক উপভোগ্য যাত্ৰা হৈ পৰিছে৷ ‘আমাৰ মেনেজমেণ্টৰ ওচৰত মই কৃতজ্ঞ৷ তেওঁলোকে সকলোকে গৈ নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ দিছে৷ আনহাতে, সঞ্জুৱে বলাৰসকলক বহুত স্বাধীনতা দিয়ে৷ নিজৰ মতে খেলপথাৰ সজাই ল’ব পৰাটো এজন বলাৰৰ বাবে ভাগ্যৰ বিষয় যি সঞ্জুৰ পৰা লাভ কৰিছো৷’ সন্দিপে ব্যক্ত কৰে৷ উল্লেখ্য যে প্ৰথম দুখন মেচত অংশ লোৱাৰ পাছতে সন্দিপ আঘাতৰ সন্মুখীন হয় আৰু যোৱা পাঁচখন মেচত খেলপথাৰৰ পৰা আঁতৰি আছিল৷ কিন্তু যোৱানিশা স্বপ্নৰ প্ৰত্যাৱৰ্তন কৰি ৰাজস্থানক সপ্তম বিজয় দিয়ে৷

ইফালে, দলৰ মুখ্য প্ৰশিক্ষক তথা শ্ৰীলংকাৰ কিংবদন্তি ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাক প্ৰশংসা কৰি সন্দিপে কয় ‘তেওঁ কেৰিয়াৰত যথেষ্ট ক্ৰিকেট খেলিছে আৰু সেয়ে সকলোৰে মন বুজিব পৰা এজন প্ৰশিক্ষক৷ তেওঁ প্ৰেৰণা দিব জানে আৰু যদি আমি ভাল কাম কৰিব নাই তেন্তে কি কথা ক’ব সেয়াও তেওঁ জানে৷ টিম মিটিঙত তেওঁ সদায় সঠিক শব্দ আৰু ক’বলগীয়া কথাবোৰহে ব্যক্ত কৰে৷ আমিবোৰ ইমানেই আচৰিত হৈছো যে তেওঁ কেনেকৈ এইটো কৰিব পাৰিছে৷’

উল্লেখ্য যে যোৱানিশাৰ মেচত ৰাজস্থান ৰয়েলছৰ হৈ অপেনাৰ যশস্বী জয়ছৱালে ফৰ্ম বিচাৰি পাই অপৰাজিত ১০৪ ৰানৰ অনবদ্য ইনিংছ পাছতো সন্দীপকহে দলৰ বিজয়ৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰে ধাৰাভাষ্যকাৰৰ পেনেলে৷ ইফালে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে যোৱানিশাৰ সফলতাৰ পাছত এতিয়ালৈকে খেলা আঠখন মেচৰ সাতখনতে জয়ী ১৪ পইণ্টৰে টেবুলৰ শীৰ্ষত থাকি প্লে অফত স্থান পোৱাৰ দিশে অগ্ৰসৰ হৈছে৷

ৰাজস্থান ৰয়েলছে আসন্ন চাৰিখন মেচ ক্ৰমে লক্ষ্ণৌ, হায়দৰাবাদ, নতুন দিল্লী আৰু চেন্নাইত খেলিব৷ আনহাতে, দলটোৱে অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...