কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ উদ্যোগত প্ৰকৃতি-বন্যপ্ৰাণী বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠন কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ উদ্যোগত আৰু গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ সহযোগত ধৰিত্ৰী দিৱস উপলক্ষে আজি প্ৰকৃতি-বন্যপ্ৰাণী বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ‘সেউজী ধৰণী ধুনীয়া’ শীৰ্ষক প্ৰতিযোগিতাখনত বিজয়ী হয় মৃদুল ৰাম কলিতা আৰু বিশ্বজিৎ শৰ্মাৰ দল৷ বিজয়ী দললৈ স্বাধীনতা সংগ্ৰামী প্ৰয়াত পানীৰাম দাসৰ সোঁৱৰণত বঁটা আগবঢ়োৱা হয়। দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে কমল মেধি, ৰিদ্ধিক পৰাশৰ আৰু ৰুবুল কলিতা, ভুপাল শৰ্মাৰ দল৷ শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰে বিক্ৰম দ্বীব ডেকাই।

প্ৰথম তিনিটা স্থানপ্ৰাপ্ত দললৈ ৫, ৩, ২ হেজাৰ টকা, গ্ৰন্থ আৰু প্ৰমাণপত্ৰ আগবাঢ়োৱা হয়। ইয়াৰ লগতে দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰছাত্ৰীৰ মাজত এখন একক লিখিত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। স্কুল কুইজত বিজয়ী হয় গুৰুকুল গ্ৰামাৰ স্কুলৰ ত্ৰিনাভ কাশ্যপ৷ দিনৰ ১০ বজাৰপৰা গুৱাহাটী কমাৰ্চ কলেজৰ ড০ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা পৰিচালনা কৰে দিলীপ কুমাৰ শৰ্মা, মুবিনা আখতাৰ আৰু দীপাংকৰ কৌশিকে। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে হস্তীকন্যা খ্যাত পাৰ্বতী বৰুৱা, ছ’চাইটিৰ প্ৰাক্তন সভাপতি অৱণী বৰুৱা, পৰিৱেশ কৰ্মী জয়ন্ত কুমাৰ দাস, চন্দন কুমাৰ দুৱৰা, অজয় লহকৰ, গীতাঞ্জলি লহকৰ। অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক তথা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ কাৰ্যকৰী সভাপতি প্ৰণয় বৰদলৈয়ে। অনুষ্ঠানৰ শেষত গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ লগতে অধ্যাপক ড০ জি জি বণিক, ড০ ইন্দ্ৰজিৎ শৰ্মা, কৃষ্ণ বৰুৱা, যুগদা ভূঞাক তেওঁলোকৰ সহযোগিতাৰ বাবে ছ’চাইটিৰ তৰফৰপৰা ধন্যবাদ জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...