কাইলৈ জয়পুৰত অন্তিম মেচ খেলিব ৰাজস্থান ৰয়েলছে, প্ৰতিদ্বন্দ্বী মুম্বাই

চলিত আই পি এলত এতিয়ালৈকে সৰ্বাধিক মেচত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছে কাইলৈ সৱাই মানসিং ষ্টেডিয়ামত ছিজনৰ অষ্টমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ ইয়াৰপূৰ্বে ৰয়েলছে ৱাংখেড়েত খেলা মেচত অসম সন্তান ৰিয়ানৰ ৩৯ বলত অপৰাজিত ৫৪ ৰাণৰ চমকপ্ৰদ ইনিংছৰ সহায়ত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিছিল৷ সাত খন মেচৰ ছখনত জয়ী হৈ ১২ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছ কাইলৈৰ মেচক লৈও দৃঢ়তাৰে সাজু বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ অপেনাৰ জ’ছ বাটলাৰে৷

‘আমি ইতিমধ্যে লীগৰ অৰ্ধেক সংখ্যক মেচ খেলিলো লগতে প্ৰত্যাশিত সফলতাৰে শীৰ্ষস্থানতো আছো৷ দলৰ এই সফলতাত সকলোৰে অৰিহনা আছে৷ যোৱা ছিজনতো আমাৰ আৰম্ভনি সুন্দৰ হৈছিল৷ কিন্তু মধ্যভাগৰ পৰা আমি বিফলতা পাইছিলো যাৰবাবে প্লে-অফলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিলো৷ এইবাৰ আমি এইদিশত মনোনিৱেশ কৰিছো৷ বাকী থকা সাতখন মেচতো আমি আমাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ বধ্য পৰিকৰ৷’ বাটলাৰে ব্যক্ত কৰে৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছে কাইলৈ ৰয়পুৰত চলিত ছিজনৰ অন্তিম মেচখন খেলিব৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলাৰ পাছতে ৰয়েলছে চাৰিখন মেচ ক্ৰমে লক্ষ্ণৌ, হায়দৰাবাদ, নতুন দিল্লী আৰু চেন্নাইত খেলিব৷ অৱশ্যে চলিত ছিজনত ৰাজস্থান ৰয়েলছে বাহিৰত খেলা মেচৰ সফলতা এশ শতংশ৷ দলে মুম্বাই ইণ্ডিয়ানছৰ লগতে পঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বিপক্ষৰ ঘৰত খেলি জয়লাভ অৰ্জন কৰিছে৷ অন্তিম মেচত বাটলাৰৰ বিস্ফোৰক শতকৰ জড়িয়তে ইডেন গাৰ্ডেনত ৰয়েলছে ৰাণ অনুসৰণৰ অভিলেখ গঢ়ি কে কে আৰক পৰাস্ত কৰিছিল৷

‘বাহিৰত খেলা মেচৰ সফলতাই দলক পৰবৰ্তী সফলতাৰ বাবে মানসিক শক্তি আৰু অনুপ্ৰেৰণা দিয়ে৷ এইবাৰ আমি তিনিটা শক্তিশালী দলক তেওঁলোকৰ ঘৰতে পৰাস্ত কৰিবলৈ সক্ষম হৈছো৷ এই সফলতাত দলৰ বেটাৰৰ লগতে বলাৰৰ অৰিহনাও আছিল অন্যতম৷ সেয়ে অনাগত চাৰিখন মেচ বাহিৰত খেলাক লৈ আমি চাপত নাই৷ আমি দলীয় শক্তিৰ ওপৰত বিশ্বাসী৷ বেটিঙত মিডল অৰ্ডাৰৰ মজবুত স্থিতি তথা বলিঙত পেচা-স্পীনাৰৰ অভিজ্ঞতা দলৰ ভাৰসাম্য ৰক্ষাত সহায় কৰিছে, যাৰবাবে আমি সফলতা লাভ কৰিছো৷’ ইংলণ্ডৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে লগতে কয়৷

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...