কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী

কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী। সন্ধিয়া ৭ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব মোদীৰ বিমান। বৰঝাৰৰ পৰা GS ৰোড হৈ কইনাধৰালৈ আহিব প্ৰধানমন্ত্ৰী। পথৰ দুয়োকাষে ৰৈ ৰাইজে প্ৰধানমন্ত্ৰীক জনাব অভিবাদন। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে যুদ্ধ সদৃশ পৰিস্থিতি আৰক্ষী-প্ৰশাসনৰ। চৌদিশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। পদপথৰ কাষে কাষে লগোৱা হৈছে বাঁহৰ বেৰিকেড আৰু ৰেলিং। মঙলবাৰে নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব প্রধানমন্ত্ৰীয়ে। ১৭ এপ্ৰিলত নলবাৰীত বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। নলবাৰীতো প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। নিৰ্মাণ কৰা হৈছে তিনিখনকৈ হেলীপেড। মোদীৰ সভাত ২ লক্ষাধিক লোকৰ সমাগমৰ লক্ষ্য বিজেপিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...