কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী

কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী। সন্ধিয়া ৭ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব মোদীৰ বিমান। বৰঝাৰৰ পৰা GS ৰোড হৈ কইনাধৰালৈ আহিব প্ৰধানমন্ত্ৰী। পথৰ দুয়োকাষে ৰৈ ৰাইজে প্ৰধানমন্ত্ৰীক জনাব অভিবাদন। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে যুদ্ধ সদৃশ পৰিস্থিতি আৰক্ষী-প্ৰশাসনৰ। চৌদিশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। পদপথৰ কাষে কাষে লগোৱা হৈছে বাঁহৰ বেৰিকেড আৰু ৰেলিং। মঙলবাৰে নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব প্রধানমন্ত্ৰীয়ে। ১৭ এপ্ৰিলত নলবাৰীত বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। নলবাৰীতো প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। নিৰ্মাণ কৰা হৈছে তিনিখনকৈ হেলীপেড। মোদীৰ সভাত ২ লক্ষাধিক লোকৰ সমাগমৰ লক্ষ্য বিজেপিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...