অসমৰ পুখুৰী সমূহৰ জিঅ’ টেগিং কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ১৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম-কাজৰ সামগ্রিক পর্যালােচনা কৰে। বৈঠকৰ আৰম্ভণিতে মীন বিভাগৰ তৰফৰ পৰা বিভাগীয় বিভিন্ন কাম-কাজ তথা পৰিকল্পনাৰ বিভিন্ন দিশ সামৰি এক প্রেজেন্টেশন আগবঢ়ায়। ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত পৰিচালনাৰ সুবিধার্থে ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিখনৰ অধীনত এতিয়ালৈকে খনন কৰা পুখুৰীসমূহৰ জিঅ’ টেগিং কৰাৰ পদক্ষেপ ল’বলৈ বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনত মাছৰ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা এই দিশত চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধান হ্রাস কৰাৰ উদ্দেশ্যৰে এই দিশত প্রয়ােজনীয় কার্যব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে। তেওঁ লগতে এই দিশত শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক প্রশিক্ষণ প্রদানৰ ব্যৱস্থা কৰিবলৈও কয়। ৰাজ্যখনৰ অর্থনৈতিক বিকাশত মৎস্য খণ্ডই ল’ব পৰা সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত সত্ৰনামঘৰকে ধৰি বিভিন্ন ধর্মীয় অনুষ্ঠানৰ অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়াৰ উপৰি এমজিএনৰেগাৰ আচনিৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জলাশয়সমূহত মৎস্য উৎপাদন বৃদ্ধিৰ ওপৰত প্রয়ােজনীয় পদক্ষেপ গ্রহণ বাবেও বিভাগক নির্দেশ দিয়ে আজিৰ এই বৈঠকত মীন মন্ত্রী পৰিমল শুক্লবৈদ্য, মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, মীন বিভাগৰ আয়ুক্ত-সচিব ৰাকেশ কুমাৰ, মীন বিভাগৰ সঞ্চালক এন কে দেৱনাথ, অসম মীন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী, ফিছফেডৰ পৰিচালন সঞ্চালক ডাঃ ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...