কংগ্ৰেছ নেতা ৰাহুল গান্ধী কিমান ধনী?

হাতত ৫৫ হাজাৰ টকা লৈ যুঁজত নামিছে ৰাহুল
৫ বছৰত ৪ কোটি ৫০ লাখ টকাৰ সম্পত্তি বৃদ্ধি ৰাহুল গান্ধীৰ
বৰ্তমান ২০ কোটি ৩৯ লাখ টকাৰ সম্পত্তিৰগৰাকী কংগ্ৰেছ নেতাজন

বুধবাৰে কেৰালাৰ ৱাইনাড় সমষ্টিত মনোনয়ন পত্ৰৰ সৈতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাখিল কৰা শপতনামাত পোহৰলৈ আহিছে এই তথ্য। শপতনামাত কংগ্ৰেছ নেতাজনে লগতে উল্লেখ কৰা অনুসৰি বৰ্তমান ৰাহুল গান্ধীৰ হাতত জমা আছে মাত্ৰ ৫৫ হাজাৰ টকা। ইয়াৰোপৰি দুটাকৈ ছেভিংছ একাউণ্টত ৰাহুল গান্ধীৰ জমা আছে ২৬,২৫,১৫৭ টকা। ইকুইটি, মিউচুৱেল ফাণ্ড, গ’ল্ড বণ্ড আদিত বিনিয়োগ আছে ৮ কোটি ৯৩ লাখ টকা। ইকুইটি শ্বেয়াৰত ৪.৩৩ কোটি, মিউচুৱেল ফাণ্ডত ৩.৮৯ কোটিৰ বিনিয়োগ।

হাতত কেতিয়াও দামী ঘড়ী, আঙুঠি আদি নিপিন্ধা ৰাহুল গান্ধীৰ আছে ৪.২০ লাখ টকাৰ অলংকাৰ। ইয়াৰ বিপৰীতে কোটিপতি নেতা ৰাহুল গান্ধীৰ নাই এখনো গাড়ী। ৰাহুল গান্ধীৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ৯.২৪ কোটি।

ইয়াৰ উপৰিও শপতনামাত কংগ্ৰেছ নেতাজনে দাখিল কৰা তথ্য অনুসৰি দেশৰ এগৰাকী অন্যতম শক্তিশালী বিৰোধী ৰাজনৈতিক নেতা হিচাপে পৰিচিত ৰাহুল গান্ধীৰ নাই এটা নিজৰ ঘৰ। ইয়াৰ বিপৰীতে নতুন দিল্লীৰ চুলতানপুৰত ভগ্নীৰ সৈতে একেলগে দুই স্থানত আছে প্ৰায় ৪ একৰ কৃষিভূমি। ভগ্নী প্ৰিয়ংকাৰ সৈতে থকা কৃষিভূমিৰ বৰ্তমান বজাৰ মূল্য ২.১০ কোটি।

নিজৰ নামত এটা ঘৰ নাথাকিলেও গুৰুগ্ৰামত ৫৮৩৮ বৰ্গফুটৰ দুটা ব্লকৰ ব্যৱসায়ীক ঘৰ আছে ৰাহুলৰ। ৰাহুলৰ নামত থকা ব্যৱসায়ীক ঘৰটোৰ বৰ্তমান বজাৰ মূল্য ৯.৪ কোটি। ৰাহুল গান্ধীৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ১১.১৫ কোটি।

আনহাতে, ২০২২-২৩ বৰ্ষত ৰাহুল গান্ধীৰ মুঠ আয় ১.০২ কোটি টকা। বিগত ৫ বছৰত ৰাহুল গান্ধীৰ ৪.৫ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালেও ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আয়ৰ পৰিমাণ। উল্লেখযোগ্য যে ২০২১-২২ বৰ্ষত ৰাহুল গান্ধীৰ মুঠ আয় আছিল ১.৩১ কোটি টকা। ২০২৪ত ৰাহুল গান্ধীৰ মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ২০.৩৯ কোটি টকা। ২০১৯ত ৰাহুল গান্ধীৰ মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছিল ১৫.৮৮ কোটি টকা। লগতে শেহতীয়া শপতনামা দিয়া তথ্য অনুসৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে দেশৰ বিভিন্ন আদালতত চলি আছে কেইবাটাও গোচৰ। কেৰালাৰ ৱাইনাড় সমষ্টিৰপৰা এইবাৰ দ্বিতীয় বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...