কোচবিহাৰত ‘মোদীৰ গেৰাণ্টি’

‘সকলো পৰিয়ালকে নাগৰিকত্ব প্ৰদান কৰাটো মোদীৰ গেৰাণ্টি’। নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ সময়তে বৃহস্পতিবাৰে পশ্চিমবংগৰ কোচবিহাৰত এক সভাত ভাগ লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে ‘কা’ক লৈ তৃণমূল কংগ্ৰেছ বা বাওঁপন্থীসকলে ৰাইজক ভয় খুওৱাৰ চেষ্টা চলাই আহিছে। ‘কা’ক লৈ দেশবাসীক ভয় নাখাবলৈ আহ্বান জনায় মোদীয়ে লগতে কয় যে সমগ্ৰ দেশবাসীয়ে যোৱা এটা দশক ধৰি বিজেপি চৰকাৰৰ কাম–কাজ প্ৰত্যক্ষ কৰিছে। সেয়ে এইবাৰো মোদীৰ গেৰাণ্টিক নিশ্চিন্তে ভৰসা কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়– আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু সহযোগী দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ বংগবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে ইতিমধ্যে দেশজুৰি বলৱৎ হোৱা ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি আহিছে তৃণমূল কংগ্ৰেছে। ‘কা’ৰ জৰিয়তে বংগৰ একাংশ লোকক অনুপ্ৰৱেশকাৰী সজোৱাৰ চেষ্টা চলোৱা হৈছে বুলি দাবী কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোনো কাৰণতে ‘কা’ মানি নল’বলৈ বংগবাসীক আহ্বান জনায়। পশ্চিমবংগত কোনো পৰিস্থিতিতে ‘কা’ বলৱৎ হ’বলৈ দিয়া নহয় বুলিও ইতিমধ্যে সকীয়াই দিছে মুখ্যমন্ত্ৰী মমতাই।

পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা
কোচবিহাৰত নিৰ্বাচনী সভাত ক’লে ‘মোদীৰ গেৰাণ্টি’ৰ কথা
‘সকলো পৰিয়ালকে নাগৰিকত্ব প্ৰদান কৰাটো মোদীৰ গেৰাণ্টি’
‘কা’ক লৈ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য মোদীৰ
‘বিজেপিৰ ১০ বছৰীয়া কাৰ্যকাল ৰাইজে প্ৰত্যক্ষ কৰিছে’
‘মোদীৰ গেৰাণ্টিক সকলোৱে নিশ্চিন্তে ভৰসা কৰিব পাৰে’
সকলোকে আকৌ এবাৰ বিজেপিৰ সপক্ষে ভোটদানৰ আহ্বান মোদীৰ
তৃণমূল কংগ্ৰেছে ‘কা’ৰ নামত ৰাইজক বিপথে পৰিচালনা কৰাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...