কোচবিহাৰত ‘মোদীৰ গেৰাণ্টি’

‘সকলো পৰিয়ালকে নাগৰিকত্ব প্ৰদান কৰাটো মোদীৰ গেৰাণ্টি’। নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ সময়তে বৃহস্পতিবাৰে পশ্চিমবংগৰ কোচবিহাৰত এক সভাত ভাগ লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে ‘কা’ক লৈ তৃণমূল কংগ্ৰেছ বা বাওঁপন্থীসকলে ৰাইজক ভয় খুওৱাৰ চেষ্টা চলাই আহিছে। ‘কা’ক লৈ দেশবাসীক ভয় নাখাবলৈ আহ্বান জনায় মোদীয়ে লগতে কয় যে সমগ্ৰ দেশবাসীয়ে যোৱা এটা দশক ধৰি বিজেপি চৰকাৰৰ কাম–কাজ প্ৰত্যক্ষ কৰিছে। সেয়ে এইবাৰো মোদীৰ গেৰাণ্টিক নিশ্চিন্তে ভৰসা কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়– আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু সহযোগী দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ বংগবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে ইতিমধ্যে দেশজুৰি বলৱৎ হোৱা ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি আহিছে তৃণমূল কংগ্ৰেছে। ‘কা’ৰ জৰিয়তে বংগৰ একাংশ লোকক অনুপ্ৰৱেশকাৰী সজোৱাৰ চেষ্টা চলোৱা হৈছে বুলি দাবী কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোনো কাৰণতে ‘কা’ মানি নল’বলৈ বংগবাসীক আহ্বান জনায়। পশ্চিমবংগত কোনো পৰিস্থিতিতে ‘কা’ বলৱৎ হ’বলৈ দিয়া নহয় বুলিও ইতিমধ্যে সকীয়াই দিছে মুখ্যমন্ত্ৰী মমতাই।

পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা
কোচবিহাৰত নিৰ্বাচনী সভাত ক’লে ‘মোদীৰ গেৰাণ্টি’ৰ কথা
‘সকলো পৰিয়ালকে নাগৰিকত্ব প্ৰদান কৰাটো মোদীৰ গেৰাণ্টি’
‘কা’ক লৈ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য মোদীৰ
‘বিজেপিৰ ১০ বছৰীয়া কাৰ্যকাল ৰাইজে প্ৰত্যক্ষ কৰিছে’
‘মোদীৰ গেৰাণ্টিক সকলোৱে নিশ্চিন্তে ভৰসা কৰিব পাৰে’
সকলোকে আকৌ এবাৰ বিজেপিৰ সপক্ষে ভোটদানৰ আহ্বান মোদীৰ
তৃণমূল কংগ্ৰেছে ‘কা’ৰ নামত ৰাইজক বিপথে পৰিচালনা কৰাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...