স্বামীকো লাগে প্ৰেমিককো লাগে…জেদতে মহিলা উঠিলগৈ বিদ্যুতৰ খুঁটাত

প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমে যদি কেতিয়াবা সৃষ্টি কৰে কেতিয়াবা আকৌ ই ধ্বংসৰো কাৰণ হৈ পৰে। মুঠতে প্ৰেমেই সলাই দিব পাৰে পৃথিৱী। এইবাৰ এই প্ৰেমৰ বাবেই সংঘটিত হৈছে এক আচৰিত ঘটনা। য’ত এগৰাকী মহিলাই প্ৰেমিক আৰু স্বামী একেটা ঘৰতে নথকাৰ বাবেই উঠিলগৈ বিদ্যুতৰ খুঁটাত। পিছে ক’ত সংঘটিত হৈছে এই ঘটনা? জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

এই আজৱ ঘটনাতো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত। স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি বিদ্যুতৰ খুঁটাত উঠা মহিলাগৰাকী তিনি সন্তানৰ মাতৃ। ওচৰৰে গাঁও এখনৰ এজন যুৱকৰে মহিলাগৰাকীৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। পৰৱৰ্তী সময়ত তেওঁৰ স্বামী এই বিষয়ে জ্ঞাত হয় আৰু ইয়াৰ বিৰোধ কৰে। কিন্তু প্ৰেমত হাবু-ডুবু খোৱা মহিলাগৰাকীয়ে প্ৰেমিকক এৰিবলৈ অপাৰগ হোৱাৰ লগতে স্বামী আৰু প্ৰেমিকক একেটা ঘৰতে ৰখাৰ জেদ ধৰে। মহিলাগৰাকীৰ এই চৰ্ত তেওঁৰ স্বামীয়ে মানি নোলোৱাৰ বাবেই বুধবাৰে প্ৰায় ১২বজাত মহিলাগৰাকী উঠেগৈ ১১হাজাৰ ভল্টৰ বিদ্যুতৰ খুঁটাত। তাৰ পাছতে লাগে হুৱা-দুৱা। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...