পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে অসমীয়াৰ বাপতিসাহোন কাতি বিহু। তুলসীৰ তলত চাকি জ্বলাই, আকাশবন্তি প্ৰজ্বলন কৰি আৰু পথাৰৰ শস্যৰ মংগল কামনাৰে প্ৰাৰ্থনা জনাই ৰাজ্যবাসীয়ে পালন কৰিছে কাতি বিহু।

মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰত ৩৭৩ বছৰীয়া পৰম্পৰা অনুসৰি সত্ৰাধিকাৰ আৰু বৈষ্ণৱসকলে সত্ৰৰ নামঘৰৰ প্ৰাংগণত ২১ জোৰা আকাশবন্তি প্ৰজ্বলন কৰে। আনহাতে, বৰপেটাৰ মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত ৰাখাল থানত কাতি বিহুৰ দিনাৰ পৰাই আৰম্ভ হৈছে ৰাজহুৱা নাম-প্ৰসংগ। পৰম্পৰা অনুসৰি এই নাম-প্ৰসংগ অবিৰতভাৱে ৩০ ঘণ্টা ধৰি চলিব।

ইফালে, উজনি অসমৰ বানপীড়িত অঞ্চলসমূহত এইবাৰ কাতি বিহুৰ আনন্দৰ মাজতো বিৰাজ কৰিছে বিষাদৰ পৰিৱেশ। বিশেষকৈ শিৱসাগৰৰ নাজিৰাৰ খনিকৰ গাঁৱত বানৰ প্ৰভাৱত পথাৰৰ শস্য নষ্ট হোৱাত কৃষকসকলে অনিশ্চয়তাৰ মাজেৰে পালন কৰিছে কঙালী বিহু। তেজপুৰকে ধৰি বিভিন্ন অঞ্চলতো কৃষক ৰাইজে পৰম্পৰা অনুসৰি পথাৰত চাকি জ্বলাই শস্যৰ মংগল কামনা কৰিছে।

আনহাতে, ডিমৌৰ পালেঙীত কাতি বিহুৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা কৃষি বিভাগে এখন সজাগতা সভাৰ আয়োজন কৰে। বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত কৃষি বিষয়াসকলে কৃষকসকলক কৃষি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে তৈল খেজুৰ খেতিৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। শিৱসাগৰৰ বাৰৈটিং আৰু মহানগৰীৰ চন্দ্ৰপুৰৰ পানবৰীতো বিভিন্ন উদ্যোগত কাতি বিহু উদযাপন কৰা হয়।

ইয়াৰ সমান্তৰালকৈ আমগুৰিৰ জালুক গাঁৱত আইতা-নাতিয়ে একেলগে তুলসী ভেটি নিৰ্মাণ কৰি তুলসী পুলি ৰুই পৰম্পৰা পালন কৰা দেখা গৈছে। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো নতুন প্ৰজন্মলৈ অসমীয়া লোকবিশ্বাস, সংস্কৃতি আৰু পৰম্পৰা কঢ়িয়াই নিয়াৰ এই প্ৰয়াসে বিশেষ তাৎপৰ্য বহন কৰিছে।

আশা-আকাংক্ষা, শস্যৰ মংগল কামনা আৰু পৰম্পৰাৰ সমাহাৰেৰে ৰাজ্যজুৰি উদযাপিত হৈছে কাতি বিহু। অৱশ্যে, বানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে এইবাৰৰ কঙালী বিহুৱে কঢ়িয়াই আনিছে কঠিন বাস্তৱ আৰু অনিশ্চয়তাৰ ছবি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...