নিশা ডিমৰীয়াৰ চখুৰাত মহিলাৰ ৰহস্যজনক মৃত্যু

এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৱে শুকুৰবাৰে সন্ধিয়া জোকাৰি গ’ল ডিমৰীয়াৰ চখুৰা। এটি ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃ ৰুমী গাৰো ওৰাঙক স্বামীয়ে মৰিয়াই হত্যা কৰাৰ অভিযোগ। ঘটনাৰ সৈতে নিহত মহিলাগৰাকীৰ শাহুৱেক আৰু ননদো জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। শাহুৱেক আৰু ননদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পলাতক হৈ আছে নিহত ৰুমী গাৰো ওৰাঙৰ অভিযুক্ত স্বামী সঞ্জয় ওৰাং। সঞ্জয় ওৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে ক্ষেত্ৰী আৰক্ষী থানা ঘেৰাও কৰিলে ক্ষেত্ৰীৰ স্থানীয় মহিলাসকলে।

নিশা ডিমৰীয়াৰ চখুৰাত মহিলাৰ ৰহস্যজনক মৃত্যু
স্বামী, শাহু, ননদৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
এটি কন্যা সন্তানৰ মাতৃ আছিল নিহত ৰুমী ওৰাং
শাহুৱেক, ননদক গ্ৰেপ্তাৰ, অভিযুক্ত স্বামী পলাতক
শনিবাৰে পুৱাৰে পৰা ক্ষেত্ৰীত উত্তপ্ত পৰিস্থিতি
উচিত বিচাৰৰ বাবে ক্ষেত্ৰী থানা ঘেৰাও স্থানীয় মহিলাৰ

ডিমৰীয়াৰ চখুৰাত নিশা এঘৰত শিহৰণকাৰী ঘটনা
ঘৰতে উদ্ধাৰ ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃৰ মৃতদেহ

নিশা হোৱাৰ লগে লগেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হ’ল সমগ্ৰ অঞ্চলজুৰি। ঘৰত উপস্থিত হ’ল নিহত ৰুমী গাৰো ওৰাঙৰ পৰিয়ালৰ লোকসকলো। চৌদিশে কান্দোনৰ ৰোল।

মহিলাগৰাকীৰ হত্যাৰ অভিযোগ তুলি উত্তপ্ত হৈ পৰিল পৰিস্থিতি। মৃতদেহ উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হ’ল দণ্ডাধীশ আৰু আৰক্ষীৰ দল। তন্নতন্নকৈ পৰীক্ষা কৰা হ’ল ঘটনাস্থলী। নিহত ৰুমী ওৰাঙৰ পৰিয়ালৰ উত্তেজিত লোকে চোতালতে মৃতদেহ সৎকাৰৰ দাবী তুলিছিল। কিন্তু আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি শাম কাটে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৰুমী ওৰাঙৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ স্বামী সঞ্জয় ওৰাঙে হত্যা কৰিছে ৰুমীক। হত্যাত প্ৰত্যক্ষ সহযোগ কৰিছে সঞ্জয়ৰ মাক আৰু ভনীয়েকে। মন কৰিবলগীয়া যে অভিযুক্ত সঞ্জয় ওৰাং বহু চুৰি আৰু ডকাইতিৰ ঘটনাৰ সৈতে জড়িত। অপৰাধমূলক ঘটনাৰ বাবে কেইবাবাৰো কাৰাগাৰলৈও গৈছে অভিযুক্ত সঞ্জয় ওৰাং।

নিহত ৰুমীৰ শাহুৱেক আৰু ননদক নিশাই আৰক্ষীয়ে আটক কৰিছিল আৰক্ষীয়ে। কিন্তু নামমাত্ৰ সোধাপোচাৰ পিছত নিশাই তেওঁলোকক এৰি দিয়া হয়। ইপিনে এতিয়াও পলাতক হৈ আছে অভিযুক্ত সঞ্জয় ওৰাং। অভিযুক্তসকলৰ গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে পুৱাৰে পৰা উত্তপ্ত হৈ পৰে ক্ষেত্ৰী আৰক্ষী থানাৰ পৰিবেশ। অভিযুক্ত সঞ্জয় ওৰাঙ আৰু পৰিয়ালৰ লোকসকলৰ গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত দীৰ্ঘসময় ধৰি প্ৰতিবাদ ক্ষেত্ৰীৰ স্থানীয় মহিলাৰ। অভিযুক্তৰ গ্ৰেপ্তাৰৰ বাবে সন্ধিয়া ৫ বজালৈ সময় বান্ধি দিলে স্থানীয় মহিলাসকলে।

স্থানীয় মহিলাসকলৰ এই উত্তাল প্ৰতিবাদত সেও মানি বিয়লি পুণৰ থানালৈ মাতি অনা হয় নিহত ৰুমী ওৰাঙৰ শাহুয়েক, ননদ আৰু এজন আত্মীয়ক। হত্যাৰ অভিযোগত অভিযুক্ত স্বামী সঞ্জয় ওৰাঙৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু চুৰি, ডকাইতিৰ দৰে অপৰাধত সিদ্ধহস্ত সঞ্জয় ওৰাং এতিয়াও পলাতক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...