যোৰহাটত জমি উঠিছে লোকসভা নিৰ্বাচনৰ যুঁজ

যোৰহাটত জমি উঠিছে লোকসভা নিৰ্বাচনৰ যুঁজ
কংগ্ৰেছে গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে সলনি সমিকৰণ
বিজেপিৰ কটাক্ষ চক্ৰ বেহুত বধ হ’ব অভিমন্যূৰ!

উৎ‍সাহিত বিৰোধীৰ দাবী এইবাৰ যোৰহাটত হ’ব দেশৰ সৰ্বাধিক সক্ৰিয় সাংসদ বনাম ‘নিবোকা চামোন’ৰ যুঁজ সকলো জল্পনা কল্পনাৰ অন্ত পোলাই মঙলবাৰে কংগ্ৰেছে অসমৰ ১২টা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনৈতিক মহলৰ সৰ্বাধিক চৰ্চিত সমষ্টি আছিল নগাঁও, যোৰহাত আৰু নৱগঠিত কাজিৰঙা সমষ্টি। আৰু এই চৰ্চাৰ মধ্যমণি আছিল কংগ্ৰেছৰ যুৱনেতা গৌৰৱ গগৈ। সৰ্বশেষত কংগ্ৰেছ হাইকমাণ্ডে যোৰহাটত গৌৰৱ গগৈক প্ৰৰ্থীত্ব প্ৰদান কৰাত স্বাভাৱিকতে বিশেষ চৰ্চাত আছে যোৰহাট লোকসভা সমষ্টি। যোৰহাটত এইবাৰ হ’ব বৰ্তমানৰ দুই সাংসদৰ যুঁজ। যোৰহাটৰ বৰ্তমানৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে যুঁজত নামিছে সদ্য বিলুপ্ত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ প্ৰাৰ্থীত্ব লাভৰ পিছতে প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ তৃৰ্ণমূল কৰ্মীয়ে পাতিলে আৱতৰীয়া দিপাৱলী। সাংসদ তপন গগৈক নিমাতী কন্যা আখ্যাদি এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈক বিপুল ভোটত জয়ী কৰোৱাৰ অংগীকাৰ।

টিকট লাভৰ পিছতে নিজৰ জয়কলৈ আত্মবিশ্বাসী গৌৰৱ গগৈ সৰৱ হ’ল শাসকীয় বিজেপিৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিয়ে সমষ্ট শক্তি প্ৰয়োগ কৰিলেও এইবাৰ যোৰহাট দখল কৰাত ব্যৰ্থ হ’ব বুলি মন্তব্য গৌৰৱৰ। কংগ্ৰেছে শক্তিশালী প্ৰতিদ্বন্দ্বী ঘোষণাৰ পিছতে ৰণক্ষেত্ৰত জপিয়াই পৰিছে বিজেপিৰ প্ৰাৰ্থী তপন গগৈ। মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই তপন গগৈয়ে ক’লে যোৰহাটত এক্স, ৱাই. জেদ যিয়েই নহওক ফেক্টৰ নহয় তেওঁৰ বাবে।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে বিজেপি শিৱিৰ। যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ টিপ্পনী বিজেপিৰ উন্নয়নৰ ধুমুহাত কোনো প্ৰাৰ্থীয়েই তিষ্টি থাকিব নোৱাৰে। মিঞাক উচ্ছেদৰ বিৰুদ্ধে চিঠি লিখা প্ৰাৰ্থীক যোৰহাটৰ মানুহে ভাল নাপায়।

একেদৰে গৌৰৱ গগৈক যোৰহাটত প্ৰাৰ্থীত্বক লৈ সৰৱ হ’ল মন্ত্ৰী পীয়ূয হাজৰিকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, সুশান্ত বৰগোঁহাইকে ধৰি অধিকাংশ বিজেপি নেতা। বিজেপিৰ এনে তীব্ৰ বাক্যমানৰ বিপৰীতে যোৰহাটত গৌৰৱক প্ৰাৰ্থীত্ব প্ৰদানত সন্তুষ্টি প্ৰকাশ কৰিছে শিৱসাগৰৰ সাংসদ অখিল গগৈৰ ঘোষণা গৌৰৱক জয়ী কৰাবলৈ ৰাইজৰ দলে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব। অখিলৰ মন্তব্য এইবাৰ যোৰহাটত দেশৰ সৰ্বাধিক সক্ৰিয় সাংসদৰ বিপৰীতে হ’ব নিবোকা চামোনৰ যুঁজ।

কিন্তু কংগ্ৰেছৰ প্ৰাথী তালিকা ঘোষণাৰ পিছতে বিজেপিৰ অধিকাংশ নেতাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোৱেই স্পষ্ট কৰে যে যোৰহাটত গৌৰৱক প্ৰাৰ্থীত্ব প্ৰদানৰ ফলত ইমান মসৃণ নহ’ব বিজেপিৰ জয়ৰ পথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...