ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

গুণোৎসৱত A+ গ্ৰেডপ্ৰাপ্ত ৰাখালডুবি হাইস্কুলত লংকাকাণ্ড

প্ৰধান শিক্ষকৰ লজ্জাজনক কাণ্ডক লৈ বিদ্যালয়ত হুলস্থূল
ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে
নিৰ্যাতিতাই অভিভাৱকক কোৱাৰ পিছতে উত্তপ্ত পৰিবেশ

গোৱালপাৰাৰ ৰাখালডুবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বুধবাৰৰ পুৱাৰ ভাগৰ পৰিবেশ এয়া। উত্তেজিত অৱস্থাত বিদ্যালয়ৰ অফিচ ৰুমৰ দিশে অগ্ৰসৰ হৈছে স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থী। শিক্ষাৰ্থী আৰু অভিভাৱকৰে ভৰি পৰিছে বিদ্যালয়ৰ চৌহদ। বিদ্যলয়ৰ প্ৰথম মহলাৰ এটা কোঠাত আছে অভিযুক্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন মণ্ডল। সেয়া চাবলৈও দেৱাল বগাই টিঙৰ ওপৰত উঠিছে কোনোবা কোনোবা। মুঠৰ ওপৰত সমগ্ৰ বিদ্যালয়তে এক বিশৃংখল পৰিবেশ।

ঘটনা কেইবাদিনৰো আগৰ। এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ অভিভাৱকক সমগ্ৰ কথা বিৱৰি কয়। চাঞ্চল্যকৰ ঘটনাটোক লৈ বিচাৰ আহ্বান কৰে ছাত্ৰীগৰাকীয়ে। দুদিন পূৰ্বে বিচাৰ হোৱা কথা আছিল। কিন্তু কিবাকিবি কাৰণত সিদিনা বিচাৰ নহ’ল। বুধবাৰে পুনৰ বিচাৰৰ বাবে আহ্বান জনাইছিল ছাত্ৰীগৰাকীৰ অভিভাৱকে। কিন্তু বিচাৰৰ নামত বিদ্যালয়ত লংকাকাণ্ড হ’ল। শিক্ষাৰ্থীৰ অভিযোগ- বাহিৰৰ মানুহ সোমাই লণ্ডভণ্ড কৰিলে বিদ্যালয়খন।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। অভিযুক্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন মণ্ডলক আৰক্ষীয়ে কৰায়ত্ত কৰি অনাৰ সময়তো জপিয়াই পৰে উত্তেজিত ৰাইজ। আৰক্ষীৰ বেষ্টনীৰ মাজতে ৰাইজে উত্তম মধ্যম শোধায় অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক। আৰক্ষীয়ে অভিযুক্ত প্ৰধান শিক্ষকজনক গাড়ীত উঠাই নিয়াৰ সময়তো খেদি যায় ৰাইজে। উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে বিদ্যালয়খনৰ বহু সা-সামগ্ৰী।

২০২৩ৰ গুণোৎসৱত A+ গ্ৰেডপ্ৰাপ্ত ৰাখালডুবি উচ্চ মাধ্যমিক স্কুলত সংঘটিত এই কাণ্ড আৰু পৰিস্থিতিত স্বাভাবিকতে স্তম্ভিত গোৱালপাৰালাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...