ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান। ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপে খ্যাতি আছিল গোস্বামীৰ। ৮২ বছৰ বয়সত যোৰহাটৰ খ্ৰীষ্টান হাস্পতালত দেহাৱসান সাহিত্যিকজনৰ। বিভিন্ন সময়ত বিজ্ঞান মনস্কতাৰ ওপৰত গোস্বামীয়ে আৰোপ কৰিছিল গুৰুত্ব। তথাকথিত ধৰ্মীয় গণ্ডীৰ পৰা দূৰৈত আছিল তেওঁৰ চিন্তাধাৰা। মৃত্যুৰ পিছত নিজৰ শৰীৰ দান কৰি থৈ গৈছে অৰুণ গোস্বামীয়ে। টেলিভিছনৰ পৰ্দাতো গোস্বামী আছিল এক সবল কণ্ঠ। বৰ্ণবাদৰ বিৰুদ্ধে সজোৰে যুক্তি ৰাখিছিল গোস্বামীয়ে। তেওঁৰ একাধিক গ্ৰন্থ জনমানসত সমাদৃত। তেওঁৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ নামৰ গ্ৰন্থখনৰ কাহিনীৰে নিৰ্মাণ হৈছে চিনেমাও। মঞ্জু বৰাই নিৰ্মাণ কৰিছিল ‘লাজ’ নামৰ প্ৰশংসিত ছবিখন। অৰুণ গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সুধী সমাজত শোকৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...