মহা শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এইকেইটা কাম

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। কিন্তু ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহা শিৱৰাত্ৰিৰ দিনা ভুলতো আপুনি নকৰিব এইকেইটা কাম। এই কামকেইটা কৰিলে ৰুষ্ট হ’ব পাৰে মহাদেৱ!

১. মহা শিৱৰাত্ৰিৰ দিনা স্নান কৰাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব নালাগে। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূৰ্বে গ্ৰহণ কৰিব নালাগে খাদ্য।

২. এই দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। মহা শিৱৰাত্ৰিৰ দিনা ক’লা ৰঙৰ কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়।

৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খাব নালাগে। এনে কৰিলে ধন হানি হোৱাৰ লগতে ঘৰত বেমাৰ-আজাৰ হয় বুলি বিশ্বাস কৰা হয়।

৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসী পাত দিব নালাগে।

৫. শিৱ পূজাত কেতিয়াও ভঙা চাউল দিব নালাগে।

৬. শিৱৰাত্ৰিত তিনিখিলা পাত থকা বেলপাতহে মহাদেৱক অৰ্পন কৰা উচিত। ভঙা অথবা কম তিনিখিলাতকৈ কম বেলপাত দিলে অসন্তুষ্ট হয় মহাদেৱ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা

জীৱন নাটৰ ভাৱৰীয়া…শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন...

কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? চলি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ...

পুনৰ বিবাহপাশত আৱদ্ধ হ’ল ছানী লিয়নী। নীল সাগৰৰ পাৰত...

খিৰিকী ভাঙি চূড়মাৰ, চলন্ত ৰে’লত এয়া কি কৰিলে?

চলন্ত ৰে’ললৈ লক্ষ্য কৰি গুলীচালনা। গুলীৰ আঘাতত ভাগিল নিৰাপত্তাৰক্ষীৰ...