স্পেইনৰ বাইকাৰ মহিলাক ঝাৰখণ্ডত গণ-ধৰ্ষণ

0 29,706

স্পেইনৰ এগৰাকী মহিলা বাইকাৰ। বাইকাৰ স্বামীৰ সৈতে পৃথিৱীৰ বিভিন্ন দেশ বাইকেৰেই ঘূৰি ফুৰে মহিলাগৰাকীয়ে। ৫ দিন পূৰ্বে ঝাৰখণ্ডৰ ডুমকা জিলাত কাহানীও পাহৰিব নোৱাৰা এক অভিজ্ঞতাৰ সন্মুখীন হ’ল স্পেনিছ দম্পতীটো। ডুমকাৰ এক জনকীৰ্ণ এলেকাত টেন্টৰ ভিতৰত নৈশ যাপন কৰি থাকোঁতে ৭-৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে দলবদ্ধভাবে ধৰ্ষণ কৰে মহিলাগৰাকীক। দলটোৱে মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীকো ভয়ংকৰভাবে আক্ৰমণ কৰে। স্পেনিছ দম্পতীটোৰ পৰা দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে বহু মূল্যবান সা-সামগ্ৰীও। ঘটনা সন্দৰ্ভত ঝাৰখণ্ড আৰক্ষীয়ে এইপৰ্যন্ত আটক কৰিছে ৪ অভিযুক্তক। ‘অতিথি দেৱ’ ভবো’ৰ শ্লোগান আওৰাই থকা ভাৰতবৰ্ষত এই বীভৎস অভিজ্ঞতা লৈয়ে মঙলবাৰে নেপাল অভিমুখে ৰাওনা হয় বাইকাৰ দম্পতীটো।

অমৃতকাল!
লজ্জানত ভাৰত
সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানত একো নহ’ল।
বৰ্বৰ তালিবানৰ কাষতো একো নহ’ল।
ভাৰতত গণ-ধৰ্ষণৰ বলি স্পেনীয় বাইকাৰ মহিলা।

স্পেইনৰ এটা বাইকাৰ দম্পতী। দুখন বিলাসী বাইকেৰে বিশ্বৰ বিভিন্ন দেশ ঘুৰি ফুৰাই চখ স্বামী-স্ত্ৰীৰ। বিগত কেইবাবছৰ ধৰি পৃথিৱী ভ্ৰমণ কৰি আছে স্পেইনৰ এই দম্পতীয়ে। বাইকেৰে বিভিন্ন দেশৰ সুচল আৰু দু্ৰ্গম ঠাই ভ্ৰমণ কৰি গোটাইছে অবিস্মৰণীয় অভিজ্ঞতা। বিভিন্ন দেশৰ মানুহৰ সৈতে কথা পাতিছে। তেওঁলোকৰ কৃষ্টি-সংস্কৃতি, খাদ্যাভাষৰ সৈতে চিনাকী হৈছে। সন্ত্ৰাসবাদীৰ দেশ পাকিস্তান আৰু আফগানিস্তানৰ বৰ্বৰ তালিবানৰো মৰম বুটলিছে এই দম্পতীয়ে।

কিন্তু ভাৰতে দম্পতীটোক দিলে বীভৎস অভিজ্ঞতা।
ঝাৰখণ্ডৰ ডুমকাত গণ-ধৰ্ষণৰ বলি হ’ল বাইকাৰ মহিলা।
স্বামীক মাৰপিট কৰি লুটি নিলে মূল্যবান সা-সমগ্ৰী।
দম্পতীটোৰ ওপৰত শুকুৰবাৰে নিশা ভয়ংকৰ আক্ৰমণ চলিছিল ৭-৮ জনীয়া দুৰ্বৃত্তৰ।

দম্পতীটোৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। কিন্তু গণ ধৰ্ষণ, আক্ৰমণ আৰু লুটপাতৰ ঘটনাত তেওঁলোকেই জড়িত হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত নহয়। কাৰ্যতঃ এতিয়াও ঘটনাৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ ঝাৰখণ্ড আৰক্ষী।

বিশ্বগুৰু হ’বলৈ আগবঢ়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বাধীনোত্তৰ অমৃত কাল চলি আছে দেশত। চৰকাৰৰ দাবী মোদীৰ বাবে বিশ্বত সন্মান বাঢ়িছে ভাৰতৰ। কিন্তু ভাৰতত এয়া কি হৈছে? বিদেশী বাইকাৰ মহিলাৰ ন্যায়ৰ বাবে সামাজিক মাধ্যমত আৰম্ভ হৈছে আন্দোলন।

বিগত প্ৰায় ৬ মাহ ধৰি ভাৰতভ্ৰমণৰত অৱস্থাত আছিল স্পেইনৰ এই বাইকাৰ দম্পতী। ভাৰত হৈয়ে নেপাললৈ যোৱাৰ পৰিকল্পনা কৰিছিল দম্পতীটোৱে। যোৱা শুকুৰবাৰলৈ সকলো ঠিকেই চলি আছিল। কিন্তু শুকুৰবাৰে নিশা ঝাৰখণ্ডৰ ডুমকাত এই দম্পতীটোৱে যি বীভৎস পৰিস্থিতিৰ সন্মুখীন হ’ল সেয়া তেওঁলোকৰ কল্পনাৰো অগোচৰ আছিল। পিছদিনা ইনষ্টাগ্ৰাম একাউন্ট যোগে দম্পতীটোৱে সদৰি কৰিছিল জঘন্য ঘটনাৰ কথা। তাৰ পিছতেই একাপ্ৰকাৰ তোলপাৰ লাগি গৈছিল সমগ্ৰ দেশত। দেশৰ বহু অগ্ৰণী সংবাদ প্ৰতিষ্ঠানে অত্যন্ত কৌশলেৰে এই বিস্ফোৰক খবৰ আঁতৰাই ৰাখি ব্যস্ত হৈ আছিল মোদী বন্দনাত। সেয়ে ভুক্তভোগী মহিলাৰ হৈ ন্যায়ৰ যুঁজ চলিছে কেৱল সামাজিক মাধ্যমত।

ভাৰতত হোৱা ঘৃণণীয় অভিজ্ঞতাক সামৰিয়েই মঙলবাৰে নেপাল অভিমুখে ৰাওনা হ’ল দম্পতীটো। কটকটীয়া নিৰাপত্তা বহুৰে দম্পতীটোক বিহাৰ-নেপাল সীমান্তলৈ আগবঢ়াই দিয়ে স্থানীয় প্ৰশাসনে। ভাৰত এৰাৰ সময়ত ধৰ্ষিতা মহিলাগৰাকীয়ে কৈ গ’ল- ‘মই ভাৰতীয় মানুহক দোষাৰোপ নকৰোঁ। তেওঁলোক আমাৰ সৈতে খুব ভালকৈয়ে আছিল। আমি ইয়াত প্ৰায় ৬ মাহ ধৰি আছোঁ, আৰু এই সময়চোৱাত তেওঁলোকে ভালদৰেই পৰিচৰ্যা কৰিছিল আমাৰ। আমাক যিকোনো কথাত সহায় কৰিছিল। মই এই ঘটনাৰ বাবে দায়ী অপৰাধী সকলৰ গ্ৰেপ্তাৰ বিচাৰোঁ, তেওঁলোকৰ উপযুক্ত শাস্তি বিচাৰোঁ। দুনাই যাতে তেওঁলোকে এনে কাম কৰিবলৈ সাহস নকৰে। এয়া এক অনাকাংক্ষিত ঘটনা আছিল আৰু এনে ঘটনা যিকোনো ঠাইতে ঘটিব পাৰে। মই এতিয়াও ভাবো- ভাৰত এখন ভাল দেশ, ইয়াৰ মানুহবোৰো ভাল।’

মনকৰিবলগীয়া যে এই ঘটনাক লৈ ঝাৰখণ্ড উচ্চ ন্যায়ালয়েও লৈছে নিজাববীয়া গোচৰ। ঝাৰখণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু ডুমকা জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা বিষয়টোক লৈ বৃহস্পতিবাৰৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে ঝাৰখণ্ড হাই ক’ৰ্টে। জঘন্য আৰু বীভৎস বিষয়টোক গৰিহণা দি ক্ষীপ্ৰতৰ তদন্তৰ বাবে ঝাৰখণ্ড DGPলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগেও।

তদন্ত বাৰু হৈ থাকিব, কিন্তু এই ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতবাসীক যি ধৰণে লজ্জানত কৰিলে, তাৰ নিবাৰণ কৰিবলৈ আৰু বহু যুগ লাগি যাব।

Leave A Reply

Your email address will not be published.