মানৱ সমাজ আজি লজ্জিত, ৰাজ্যত পুনৰ ভু-লুণ্ঠিত মানৱতা

ৰাজ্যত পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা। এইবাৰৰ ঘটনা যোৰহাটৰ। যোৰহাটৰ ককিলা মুখত মানৱ সমাজক লজ্জানত কৰা ঘটনা। মথাউৰিৰ কাষত হাবিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। নৱজাতকটিৰ হাতত যোৰহাট মেডিকেল কলেজৰ ষ্টিকাৰ পোৱা গৈছে। য’ত পিতৃৰ নাম অনিল পেগু আৰু মাতৃৰ নাম জোন্তী পেগু বুলি উল্লেখ আছে। শিশুটি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ১২ ফ্ৰেব্ৰুৱাৰীত শিশুটিৰ জন্ম হোৱাৰ তথ্য লাভ কৰা হৈছে। ইতিমধ্যে শিশুটিৰ মৃতদেহ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...