সাংবাদিকৰ নিৰাপত্তাক লৈ পুনৰ উঠিছে প্রশ্ন

সাংবাদিকৰ নিৰাপত্তাক লৈ পুনৰ উঠিছে প্রশ্ন। পশ্চিমবংগৰ সন্দেশখালীত গ্রেপ্তাৰ সাংবাদিকক। সাংবাদিকক গ্রেপ্তাৰক লৈ দেশজুৰি তীব্র প্রতিক্ৰিয়া। সন্দেশখালীৰ ঘটনাৰ অভিযুক্ত শ্বাহজাহানক গ্ৰেপ্তাৰ কিয় হোৱা নাই এই প্রসংগত বাতৰি সংগ্রহ কৰি থকাৰ সময়তে গ্রেপ্তাৰ সাংবাদিকজনক। সাংবাদিকজনক গ্রেপ্তাৰৰ ঘটনাত গৰিহণা। মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ সমালোচনা। কেৱল এইজন সাংবাদিকেই নহয়, দুদিন পূৰ্বে অন্ধ্রপ্রদেশত শাসকীয় দলৰ সমৰ্থকে এজন সাংবাদিকক আক্রমণ কৰিছিল। দেশত ক্রমাগতভাৱে বৃদ্ধি পাইছে সাংবাদিক নিগ্রহৰ ঘটনা। ভাৰতত কৰ্মৰত হানেছা দুনাক নামৰ এগৰাকী সাংবাদিকক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে। ভাৰততে পঢ়া-শুনা কৰা সাংবাদিকগৰাকীক ২৩ বছৰে ফ্রান্স, ছুইডেন আৰু বেলজিয়ামৰ বিভিন্ন সংবাদপত্রত প্ৰতিনিধি হিচাপে বিভিন্ন কাকতত কাম কৰিছিল । কিন্তু তেওঁৰ প্রতিবেদনসমূহ বিদ্বেষপূৰ্ণ আৰু ভাৰতৰ একতা, সাৰ্বভৌমত্বৰ বাবে প্ৰত্যাহ্বান বুলি ভাৰত এৰাৰ নিৰ্দেশ দিয়া হয়। ২০২৩ বর্ষত সাংবাদিকৰ স্বাধীনতা সন্দৰ্ভত এক প্ৰতিবেদনত ভাৰতৰ স্থান অৱনমিত হৈছে। ১৮০খন দেশৰ মাজত ভাৰত স্থান ১৬১ নম্বৰত। স্বাধীন ভাৰতৰ ইতিহাসত এয়া সৰ্বনিম্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...