সাংবাদিকৰ নিৰাপত্তাক লৈ পুনৰ উঠিছে প্রশ্ন

সাংবাদিকৰ নিৰাপত্তাক লৈ পুনৰ উঠিছে প্রশ্ন। পশ্চিমবংগৰ সন্দেশখালীত গ্রেপ্তাৰ সাংবাদিকক। সাংবাদিকক গ্রেপ্তাৰক লৈ দেশজুৰি তীব্র প্রতিক্ৰিয়া। সন্দেশখালীৰ ঘটনাৰ অভিযুক্ত শ্বাহজাহানক গ্ৰেপ্তাৰ কিয় হোৱা নাই এই প্রসংগত বাতৰি সংগ্রহ কৰি থকাৰ সময়তে গ্রেপ্তাৰ সাংবাদিকজনক। সাংবাদিকজনক গ্রেপ্তাৰৰ ঘটনাত গৰিহণা। মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ সমালোচনা। কেৱল এইজন সাংবাদিকেই নহয়, দুদিন পূৰ্বে অন্ধ্রপ্রদেশত শাসকীয় দলৰ সমৰ্থকে এজন সাংবাদিকক আক্রমণ কৰিছিল। দেশত ক্রমাগতভাৱে বৃদ্ধি পাইছে সাংবাদিক নিগ্রহৰ ঘটনা। ভাৰতত কৰ্মৰত হানেছা দুনাক নামৰ এগৰাকী সাংবাদিকক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে। ভাৰততে পঢ়া-শুনা কৰা সাংবাদিকগৰাকীক ২৩ বছৰে ফ্রান্স, ছুইডেন আৰু বেলজিয়ামৰ বিভিন্ন সংবাদপত্রত প্ৰতিনিধি হিচাপে বিভিন্ন কাকতত কাম কৰিছিল । কিন্তু তেওঁৰ প্রতিবেদনসমূহ বিদ্বেষপূৰ্ণ আৰু ভাৰতৰ একতা, সাৰ্বভৌমত্বৰ বাবে প্ৰত্যাহ্বান বুলি ভাৰত এৰাৰ নিৰ্দেশ দিয়া হয়। ২০২৩ বর্ষত সাংবাদিকৰ স্বাধীনতা সন্দৰ্ভত এক প্ৰতিবেদনত ভাৰতৰ স্থান অৱনমিত হৈছে। ১৮০খন দেশৰ মাজত ভাৰত স্থান ১৬১ নম্বৰত। স্বাধীন ভাৰতৰ ইতিহাসত এয়া সৰ্বনিম্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...