৪২বছৰ বয়সত ছানিয়ে এয়া কি কৰিলে? ছানিৰ খবৰে তোলপাৰ লগালে সমগ্ৰ দেশ

ছানি লিয়নিৰ কিবা এটা হৈছে!
চিন্তাত পৰিছে অনুৰাগীসকল
কাৰণ, এখন এডমিট কাৰ্ড
অভিনয়ে আমুৱালে নেকি ছানি লিয়নিক?
৪২বছৰ বয়সত আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ ছানি!

চলি আছে উত্তৰ প্ৰদেশ আৰক্ষীৰ নিযুক্তি পৰীক্ষা। একে সময়তেই, এখন এডমিট কাৰ্ডে দখল কৰিছে সংবাদ শিৰোনাম, কিয়নো এই এডমিট কাৰ্ডখন বলীউডৰ অভিনেত্ৰী ছানি লিয়নিৰ। সামাজিক মাধ্যমত এডমিট কাৰ্ডখন ভাইৰেল হৈ পৰাৰ পাছতে ছানিৰ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। কোনোৱে আকৌ প্ৰশ্ন কৰিছে,
অভিনয় জগতৰ পৰা আঁতৰিছে নেকি ছানি?
দৰাচলতে উত্তৰ প্ৰদেশত চলি আছে আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষা। তাৰ মাজতে অংকিত নামৰ এজনৰ এডমিট কাৰ্ডত আহিল ছানি লিয়নিৰ ফটো। কেৱল সেয়াই নহয় অংকিতৰ এডমিটত সকলো তথ্য আহিল ছানি লিয়নিৰ। তাৰ পাছতেই সমগ্ৰ দেশ তোলপাৰ লগালে এই খবৰে।
দায়িত্বত থকা বিষয়াৰ মতে কোনোবাই এডিটিং কৰিছে অংকিতৰ এডমিট কাৰ্ড। কাৰণ যিয়েই নহওক এই খবৰে আমোদ দিয়াৰ লগতে আচৰিত কৰিলে সকলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...