মাজুলীলৈ আহিছে বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী

মাজুলীলৈ আহিছে বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী । মাজুলীৰ বিল, সুঁতি, জলাশয়, পুখুৰীত দৃষ্টিনন্দন দৃশ্য । মাজুলীত পৰিভ্ৰমী পক্ষীৰ চৰাইৰ কল-কাকলি, বিচৰণ । পৰিভ্ৰমী পক্ষীৰ আগমনে মুখৰিত কৰিছে মাজুলীৰ আকাশ ।
অপূৰ্ব দৃশ্যই মোহিত কৰিছে পৰ্যটকসকলকো ।

পৰিভ্ৰমী পক্ষীৰ ভূ-স্বৰ্গলৈ পৰিণত মাজুলী। মাজুলীৰ বিল, সুঁতি, জলাশয়, পুখুৰীত এতিয়া gfx- পৰিভ্ৰমী পক্ষী বিচৰণে সৃষ্টি কৰিছে এক অনিন্দ্য সৌন্দৰ্যৰ। gfx- বিবিধ পক্ষীৰ কলাহলত মুখৰ মাজুলীৰ আকাশ।
বিশ্বৰ বিভিন্ন প্রান্তৰৰ লগতে সূদুৰ চাইবেৰীয়াৰ পৰা হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি মাজুলীলৈ আগমন বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী । শৰালি,ৰাজহাঁহ, পাতিহাঁহ, ঘিলাহাঁহ,বগলী, ঢেৰা, বৰটোকোলা,দৈকলা আদি চৰাইৰ কল-কাকলিৰ জোৱাৰ উঠিছে এতিয়া মাজুলীত। পৰিভ্ৰমী পক্ষী বিচৰণৰ এই দৃষ্টিনন্দন দৃশ্যই মোহিত কৰিছে পৰ্যটক সকলকো।

জনবসতি বৃদ্ধি পাই অহাৰ লগে লগে জলাশয়ৰ ভৌগোলিক পৰিসীমা কিছু পৰিমাণে হ্ৰাস পাইছে। তথাপিও হ্ৰাস পোৱা নাই পৰিভ্ৰমী পক্ষী বিচৰণৰ সৌন্দৰ্য। শীতকালৰ আৰম্ভণিতে নদী-দ্বীপটোলৈ অহা এইসমূহ পক্ষী মাৰ্চ – এপ্ৰিলত পুনৰ মাজুলী এৰি অন্য ঠাইলৈ গতি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...