অসম দেশৰ বিষম কথা…কাপোৰৰ দোকানত চোৰে নতুন কাপোৰ পিন্ধি পেলাই থৈ গ’ল লেতেৰা ড্ৰেছ!

মৰিগাঁও সদৰ থানাৰ নিচেই কাষতে এইবাৰ চোৰৰ চাফাই অভিযান। মৰিগাঁও চহৰৰ চুপাৰ মাৰ্কেটত নিশা চোৰৰ তাণ্ডৱ। এখন, দুখন নহয় পাঁচখনকৈ দোকানত চোৰে চলালে চাফাই। উল্লেখ্য যে আটাইকেইখন দোকানৰ টিন ফুটা কৰি প্ৰৱেশ কৰিছিল চুৰ। মোবাইলৰ লগতে কাপোৰৰ দোকানত চোৰে চলালে লুটপাত। কেৱল সেয়াই নহয় কাপোৰৰ দোকানত সোমাই পুৰণি কাপোৰ সলাই চোৰে পিন্ধি গল নতুন কাপোৰ। পুৱা দোকান খোলাৰ পিছতহে পোহৰলৈ আহিল এই চুৰিকাণ্ড। আনফালে মৰিগাঁও সদৰ থানাৰ পৰা প্ৰায় ২০০মিটাৰ নিলগতে হোৱা এই চুৰিকাণ্ডই এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...