১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ, টিউচন মাষ্টাৰ শ্বাহজাহান হুছেইনক ১০ বছৰৰ কাৰাদণ্ড

নাবালিকাক ধৰ্ষণকাৰীক ১০বছৰ সশ্ৰম কাৰাদণ্ড POCSO আদালতৰ। ৩২ বছৰীয়া শ্বাহজাহান হুছেইন নামৰ টিউচন মাষ্টাৰক এই শাস্তি। টিউচন কৰা এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি বলাৎকাৰ কৰিছিল শ্বাহজাহানে। হিন্দু কিশোৰীগৰাকীক বলপূৰ্বক বোৰ্খা পৰিধান কৰাই অপহৰণ কৰিছিল হুছেইন। ইয়াৰ পিছতে ছোৱালীগৰাকীৰ পৰিয়ালে কন্যা নিখোজ হোৱা বুলি থানাত দিছিল এজাহাৰ। অপহৰণৰ এসপ্তাহ পিছত ছোৱালীগৰাকীৰ সৈতে শ্বাহজাহানে থানাত আত্মসমৰ্পণ কৰিছিল। প্ৰায় ৮ বছৰৰ পিছত আদালতে কিশোৰীগৰাকীৰ লগতে পৰিয়ালটোক ন্যায় প্ৰদান কৰে আদালতে। কিশোৰীগৰাকীক ১ লাখ টকা ক্ষতিপূৰণৰো দিলে নিৰ্দেশ আদালতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...