এতিয়াৰে পৰা প্ৰতীক চিহ্ন ঘড়ীৰ অধিকাৰী হ’ল অজিত পাৱাৰ

প্ৰতিষ্ঠাপক হৈও NCPৰ অধিকাৰৰ পৰা বঞ্চিত হ’ল প্ৰভাৱশালী ৰাজনীতিক শাৰদ পাৱাৰ। নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ গোটকহে প্ৰকৃত NCP বুলি স্বীকৃতি দিলে। ইয়াৰ পিছতে অজিত পাৱাৰ গোটৰ মাজত দেখা গ’ল ব্যাপক উল্লাস। NCPৰ প্ৰতীক চিহ্ন ঘড়ীৰ অধিকাৰী হ’ল অজিত পাৱাৰৰ গোট। এইলৈ স্বাভাৱিকতে ক্ষোভ আজুৰিলে শাৰদ পাৱাৰৰ গোটে। মহাৰাষ্ট্ৰৰ বিধানসভাত NCPৰ ৫৩ জন বিধায়ক আছে। কিন্তু শাৰদ পাৱাৰৰ গোটত আছে কেৱল ১২জন বিধায়ক। অজিত পাৱাৰৰ পক্ষত আছে ৪১ জন বিধায়ক। শিৱ সেনাৰ ক্ষেত্ৰতো একেই হৈছিল। শিৱ সেনা গঠন কৰা বালা চাহেব থাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰেৰ পক্ষত হোৱা নাছিল ৰায়। একনাথ সিন্ধে গোটত প্ৰকৃত শিৱসেনা বুলি স্বীকৃতি দিছিল নিৰ্বাচন আয়োগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...