এতিয়াৰে পৰা প্ৰতীক চিহ্ন ঘড়ীৰ অধিকাৰী হ’ল অজিত পাৱাৰ

প্ৰতিষ্ঠাপক হৈও NCPৰ অধিকাৰৰ পৰা বঞ্চিত হ’ল প্ৰভাৱশালী ৰাজনীতিক শাৰদ পাৱাৰ। নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ গোটকহে প্ৰকৃত NCP বুলি স্বীকৃতি দিলে। ইয়াৰ পিছতে অজিত পাৱাৰ গোটৰ মাজত দেখা গ’ল ব্যাপক উল্লাস। NCPৰ প্ৰতীক চিহ্ন ঘড়ীৰ অধিকাৰী হ’ল অজিত পাৱাৰৰ গোট। এইলৈ স্বাভাৱিকতে ক্ষোভ আজুৰিলে শাৰদ পাৱাৰৰ গোটে। মহাৰাষ্ট্ৰৰ বিধানসভাত NCPৰ ৫৩ জন বিধায়ক আছে। কিন্তু শাৰদ পাৱাৰৰ গোটত আছে কেৱল ১২জন বিধায়ক। অজিত পাৱাৰৰ পক্ষত আছে ৪১ জন বিধায়ক। শিৱ সেনাৰ ক্ষেত্ৰতো একেই হৈছিল। শিৱ সেনা গঠন কৰা বালা চাহেব থাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰেৰ পক্ষত হোৱা নাছিল ৰায়। একনাথ সিন্ধে গোটত প্ৰকৃত শিৱসেনা বুলি স্বীকৃতি দিছিল নিৰ্বাচন আয়োগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...