বহু বিতৰ্ক, ত্যাগ আৰু ধৈৰ্যৰ পিছত আহি পালে ৰামচন্দ্ৰ

অৱশেষত ৰাম আহি পালে। এতিয়া আৰু ভগৱান ৰামচন্দ্ৰই তম্বুত কটাব নালাগে। ২২ জানুৱাৰীৰ দিনটো কেৱল কেলেন্দাৰৰ এটা তাৰিখ নহয়, এয়া হ’ল এটা নতুন যুগৰ আৰম্ভণি। সোমবাৰে অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ উদ্বোধন কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশ-বিদেশৰ কেবাহাজাৰ আমন্ত্ৰিত অতিথি, ভক্ত, পৰ্যটকৰ উপস্থিতিত ৰাম মন্দিৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, এই পবিত্ৰ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱাটো ভগৱানৰ আশীৰ্বাদৰ বাবে সম্ভৱ হৈছে। আনকি হেজাৰ বছৰ পিছতো এই দিনটোৰ কথা বিশ্ববাসীয়ে মনত ৰাখিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

অৱশেষত অযোধ্যা আহি পালে ৰামচন্দ্ৰই
এতিয়া আৰু ৰামচন্দ্ৰই তম্বুত থাকিব নালাগে
বহু বিতৰ্ক, ত্যাগ আৰু ধৈৰ্যৰ পিছত আহি পালে ৰামচন্দ্ৰ
ৰামৰ আগমনৰ লগে লগে দেশবাসীলৈ ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে অযোধ্যাত উদ্বোধন কৰা হ’ল ৰাম মন্দিৰ। দেশ–বিদেশৰ কেবাহাজাৰ আমন্ত্ৰিত অতিথি, সাধু–সন্ত, ভক্ত, পৰ্যটকৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে অযোধ্যাৰ ৰাম মন্দিৰ। ৰাম মন্দিৰ মুকলি অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অৱশেষত অযোধ্যাত আহি উপস্থিত হ’ল ৰামচন্দ্ৰ। এতিয়াৰে পৰা ভগৱান ৰাম চন্দ্ৰই আৰু তম্বুত কটাব নালাগে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দীৰ্ঘদিনীয়া বিতৰ্ক, ত্যাগ আৰু ধৈৰ্যৰ পিছত অযোধ্যাত প্ৰতিষ্ঠা হ’ল ৰামলালা। ভাষণ প্ৰসংগত মোদীয়ে লগতে কয যে, ২২ জানুৱাৰীৰ দিনটো সমগ্ৰ বিশ্ববাসীৰ বাবেই এক স্মৰণীয় দিন হৈ ৰ’ব।

এইদিনটো কেৱল কেলেণ্ডাৰৰ এটা তাৰিখ নহয়
এয়া হ’ব এক নতুন যুগৰ আৰম্ভণি
এই মুহূৰ্তৰ সাক্ষী হ’ব পৰাটো ভগৱানৰ আশীৰ্বাদ স্বৰূপ

ভগৱান ৰামৰ অস্তিত্ব সম্পৰ্কত বিভিন্ন মহলে উত্থাপন কৰা প্ৰশ্ন সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এনে প্ৰশ্ন নিত্যান্তই অমুলক, ইয়াৰ কোনো ভিত্তি নাই। ভাৰতীয় সংবিধানৰ প্ৰথম পৃষ্ঠাতে আছে ভগৱান ৰামৰ নাম। আইনৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰতিও ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হ’লেই দেশত জুই জ্বলিব বুলি একাংশই আশংকা প্ৰকাশ কৰাৰ সম্পৰ্কত মোদীয়ে কয় যে এই শ্ৰেণীৰ লোকে ভাৰতৰ সামাজিক সচেতনতাৰ বিশুদ্ধতাৰ কথা হৃদয়ংগম কৰিব নোৱাৰে।

ৰামলালাৰ মন্দিৰ হৈছে ভাৰতীয় সমাজৰ শান্তি, ঐক্যতাৰ প্ৰতীক
ইয়ে জুইৰ নহয়, সমাজত শক্তিৰ হে যোগান ধৰিব
ভগৱান ৰাম চন্দ্ৰ বিতৰ্ক নহয়, এয়া সমাধানৰহে পথ
ৰামচন্দ্ৰ কেৱল আমাৰেই নহয়, ৰামচন্দ্ৰ সকলোৰে

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ ভৱিষ্যতৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ কয় যে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ল, ইয়াৰ পিছত কি হ’ব? প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীলৈ আহ্বান জনায় যে এতিয়া দেশৰ প্ৰতিজন সচেতন নাগৰিকে ‘দেৱ’ অৰ্থাৎ ভগৱানৰ পৰা দেশৰ বাবে চিন্তা কৰা উচিত। দেশ আৰু দহৰ মংগল হ’লেহে দেশবাসীৰ মন ৰামৰ পৰা ৰাষ্ট্ৰৰ ওপৰত নিৱদ্ধ হ’ব।

আনহাতে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অন্যান্য সকলৰ সৈতে অংশগ্ৰহণ কৰে RSS মুৰব্বী মোহন ভাগৱতেও। অনুষ্ঠানত ভাষণ দি মোহন ভাগৱতে কয় যে, দেশলৈ ৰাম ৰাজ্য উভতি আহিছে। যিয়ে ভগৱানৰ ৰামৰ বিষয়ে চৰ্চা কৰিব তেওঁ সকলো দুখ-দুৰ্দশাৰ পৰা মুক্তি লাভ কৰিব বুলি মন্তব্য কৰি RSS মুৰব্বীজনে লগতে কয় যে ৫০০ বছৰৰ মূৰত দেশলৈ উভতি আহিছে ৰামলালা। দেশলৈ সোণালী দিন উভতি অহা বুলি মন্তব্য কৰি মোহন ভাগৱতে সমগ্ৰ দেশবাসীক তেওঁলোকৰ কৰ্তব্য সুচাৰুৰূপে সমাধান কৰিবলৈ আহ্বান জনায়।

অযোধ্যাৰ নাগৰিকক কঠোৰ পৰিশ্ৰমী আৰু অহংকাৰ শূন্য বুলি মন্তব্য কৰি RSS মুৰব্বী মোহন ভাগৱতে লগতে কয় যে দেশৰ প্ৰতিজন নাগৰিকে সকলোকে সমদৃষ্টিৰে চোৱা উচিত। অনুশাসনহীনতা আৰু প্ৰলোভনৰ জালত ভৰি নিদিবলৈ আহ্বান জনায় মোহন ভাগৱতে কয় যে এনে একত্ৰিত প্ৰচেষ্টাৰে কাম কৰি গ’লে বিশ্বগুৰু ভাৰত মন্দিৰ নিৰ্মাণো সম্পূৰ্ণ হ’ব।

RSS মুৰব্বীজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ প্ৰচেষ্টাতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বুলি মন্তব্য কৰে মোহন ভাগৱতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...