ল’ক’ পাইলটে ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই ডিগাৰুত ভয়ংকৰ দুৰ্ঘটনা! লাইনচ্যুত ইঞ্জিনসহ ৫টাকৈ দবা

মহানগৰী গুৱাহাটীৰ সমীপৰ ডিগাৰুত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ইঞ্জিনসহ লাইনচ্যুত হয় কলকাতাৰ পৰা মিজোৰাম অভিমুখী ১৩১২৫ নম্বৰৰ ৰে’লখনৰ পাঁচটাকৈ দবা। পুৱা প্ৰায় ৬.৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ কেইবাটাও দবা ৰে’লপথৰ পৰা ওলাই বহু দূৰলৈ বাগৰি পৰে। এই পৰ্যন্ত দুৰ্ঘটনাটোত তিনিগৰাকী যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি নিশ্চিত কৰা হৈছে।

ইফালে, দুৰ্ঘটনাৰ ফলত সমগ্ৰ ৰে’ল চলাচল ব্যৱস্থা ব্যাহত হৈ পৰিছে। ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰিছে উজনি-নামনি অভিমুখী কেইবাখনো ৰে’ল। গুৱাহাটী অভিমুখী একাধিক ৰে’ল বিভিন্ন ষ্টেচনত ৰখাই দিয়া হৈছে। ফলত ৰে’ল যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

দুৰ্ঘটনাৰ ফলত ৰে’লপথৰ বিদ্যুৎ সংযোগো বিচ্ছিন্ন হৈ পৰিছে। লাইনচ্যুত হোৱা ৰে’লৰ দবাই ৰে’লপথৰ কাষৰ বিদ্যুৎ সংযোগী খুঁটা উভালি পেলোৱাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, ল’ক’ পাইলটে ৰে’লখনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে বিভাগীয় তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰী। উদ্ধাৰ অভিযানৰ লগতে ৰে’লপথ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ সমীপৰ ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! ইঞ্জিনসহ লাইনচ্যুত চাইৰাং এক্সপ্ৰেছৰ কেইবাটাও দবা

পুৱাই সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত আহত কেইবাগৰাকীও যাত্ৰী। উদ্ধাৰ অভিযানৰ...

ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণৰ বাবে ট্ৰাম্পক প্ৰতিদিনে ফোন নেতান্যাহুৰ! পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য

ইৰাণত পুনৰ সামৰিক আক্ৰমণ বিচাৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে! আনহাতে, যুদ্ধৰ...