বলীউডৰ একাংশ জনপ্ৰিয় তাৰকাই অংশ ল’লে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত

আজি অযোধ্যাত প্ৰাণপ্ৰতিষ্ঠা হ’ল ৰামলালাৰ। এই অনুষ্ঠানে দেশজুৰি এক আনন্দৰ বন্যা বোৱালে। আজি ৰামৰ উপাসনাত ব্যস্ত হল সমগ্ৰ দেশ। বলীউডৰ একাংশ তাৰকা সাক্ষী হ’ল এই ঐতিহাসিক মুহূৰ্তৰ। উদ্বোধনী অনুষ্ঠানত কোনে-কেনেকৈ অংশ ল’লে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন।

২২ জানুৱাৰীত বলীউডৰ একাংশ জনপ্ৰিয় তাৰকাই অংশ ল’লে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত
ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত পুত্ৰ অভিষেকসহ উপস্থিত হ’ল বিগ বি অমিতাভ বচ্চন। পুত্ৰৰ সৈতে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল জনপ্ৰিয় অভিনেতাজন। স্বামী বিকি কৌশলৰ সৈতে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত হ’ল মোহময়ী কেটৰিণা কাইফ। সুন্দৰকৈ ভাৰতীয় সাজ-পোচাক পৰিধান কৰি অনুষ্ঠানত অংশ ল’লে বলীউডৰ এই জনপ্ৰিয় দম্পত্তীয়ে। কেটৰিণাৰ পিন্ধনত আছিল এখন হালধীয়া বৰণৰ শাৰী। আনহাতে পাইজামা-কূৰ্তা পৰিধান কৰি মন্দিৰৰ উপস্থিত হ’লগৈ বিকি কৌছল। আনহাতে জাতীয় সাজ-পাৰ পৰিধান কৰি অনুষ্ঠানত উপস্থিত হ’লগৈ বলীউডৰ আন এক জনপ্ৰিয় দম্পত্তী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। আলিয়াৰ নীলা শাৰীৰ বিপৰীতে ৰণবীৰে পৰিধান কৰিছিল বগা কূৰ্তা আৰু পাইজামা। আলিয়া-ৰণবীৰৰ, বিকি-কেটৰিণাৰ সৈতে দেখা গ’ল বলীউডৰ জনপ্ৰিয় পৰিচালক ৰোহিত শেটিকো। হালধীয়া শাৰী পৰিধান কৰি স্বামী শ্ৰীৰাম নেনেৰ হাতত ধৰি ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হ’ল বলীউডৰ চিৰসেউজ অভিনেত্ৰী মাধুৰী দীক্ষিত। অভিনেত্ৰী হেমা মালিনূীও উপস্থিত থাকিল আজিৰ এই শুভ ক্ষণত। বলীউডৰ জনপ্ৰিয় অভিনেতা জেকি শ্ৰফেও অংশ ললে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত। বগা কূৰ্তা পৰিধান কৰা জেকি শ্ৰফৰ ডিঙিত মেৰিয়াই লৈছিল এখন ৰঙা মাৰ্ফলাৰ। দেশবাসীৰ মন পুলকিত কৰা এই সুন্দৰ অনুষ্ঠানত উপস্থিত হ’ল অভিনেতা আয়ুস্মান খুড়ানা। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটক যথেষ্ট উল্লাসিত হোৱা দেখা গ’ল আজিৰ এই অনুষ্ঠানত। জয় চিয়া ৰাম ধ্বনিৰে উৎফুল্লিত হ’ল অভিনেত্ৰীগৰাকী। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই আৱেগিক কৰি তুলিলে জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমক। মন্দিৰ থলীত শিল্পীজনৰ কণ্ঠত নিগৰিল কেইবাটাও ভক্তিমূলক গীত। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত ব্যস্ত থাকোতেই আৱেগতে চকুলো বৈ আহিছিল চনু নিগমৰ। বলীউডৰ জনপ্ৰিয় পৰিচালক ৰাজকুমাৰ হিৰাণিও সাক্ষী হ’ল এই ঐতহাসিক ক্ষণৰ। আনহাতে দক্ষিণৰ বোলছবি জগতৰ একাংশ জনপ্ৰিয় তাৰকায়ো অংশ ল’লে এই সুন্দৰ অনুষ্ঠানটোত। পুত্ৰ ৰাম চৰণৰ সৈতে এই অনুষ্ঠানত উপস্থিত হ’ল চিৰঞ্জীৱি। এই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিও মাহেন্দ্ৰক্ষণত উপস্থিত থাকিব নোৱাৰিলে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। চিনেমাৰ কামত বিদেশত ব্যস্ত আছে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ। সম্প্ৰতি শ্বুটিঙৰ কামত জৰ্দানত আছেগৈ দুয়োজন অভিনেতা। জৰ্দানৰ পৰাই জয় শ্ৰী ৰাম ধ্বনিৰে দেশবাসীলৈ শুভেচ্ছা জনালে অক্ষয় কুমাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...