কাইলৈ গুৱাহাটীত জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালা

অসম জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM আৰু গুৱাহাটীৰ আই আই টিৰ কাৰিকৰী সহযোগত অহা কাইলৈ, ২৪ জানুৱাৰী, বুধবাৰে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ সমীপৰ অসম জল কেন্দ্ৰত “বহনক্ষম কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী পদ্ধতি” (Innovative Practices in Irrigation Sector for Sustainable Agriculture Development) শীৰ্ষক এক দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হৈছে।

কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী বিশিষ্ট বিশেষজ্ঞ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকিব। ইয়াৰ পিছত দুটা কাৰিকৰী অধিবেশন অনুষ্ঠিত হ’ব য’ত কৰ্মশালাৰ কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ব। এই উপলক্ষে কাৰ্য্যবিধিৰ কাম-কাজৰ স্মৃতিত এক কাৰিকৰী হাতপুথিও (Technical Volume) প্ৰকাশ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...