ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি
কি ব্যক্তিগত কাৰণত দলত নাথাকিল বিৰাট কোহলি?

ব্যক্তিগত কাৰণত কোহলিয়ে টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত উপস্থিত নাথাকিব বুলি সদৰী কৰিছে BCCIএ। লগতে কোহলিৰ এই ব্যক্তিগত কাৰণ সন্দৰ্ভতো অনাহক চৰ্চা নকৰিবলৈও আহ্বান BCCIৰ। কিন্তু সূত্ৰ মতে বিৰাট কোহলিৰ পত্নী অনুষ্কা সন্তানসম্ভৱা। দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ পথত আগবাঢ়িছে বিশ্ব ক্ৰিকেটৰ তাৰকা খেলুৱৈজন। সেয়ে সন্তান জন্ম হোৱাৰ সময়ত পত্নীৰ কাষত থাকিব বিচাৰিছে তাৰকা বেটচমেনজনে। ভাৰতীয় টেষ্ট দলত কোহলিৰ অনুপস্থিতিয়ে নিঃসন্দেহে টীম ইণ্ডিয়াৰ বাবে ক্ষতিকাৰক হ’ব। অহা ২৫ জানুৱাৰীৰ পৰা আছিল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট। বিশ্ব টেষ্ট শৃংখলাত অগ্ৰগতি লোৱাৰ বাবে এই শৃংখলা ভাৰতৰ বাবে আছিল অন্যতম গুৰুত্বপূৰ্ণ। ভাৰতীয় টেষ্ট দলত নাম অন্তৰ্ভুক্ত হ’লেও প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ ৩ দিন পূৰ্বে হঠাৎ বিৰাট কোহলিৰ দলৰ পৰা নাম প্ৰত্যাহাৰৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। সিদ্ধান্ত লোৱাৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে দীঘলীয়া আলোচনা কোহলিৰ।

আলোচনাত বহিল প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰে, জনালে BCCIকো
BCCIএ কোহলিক অব্যাহতি দিয়া বুলি জনালে সম্পাদক জয় শ্বাহে

কোহলিৰ সাময়িক অব্যাহতিৰ পিছত প্ৰশ্ন উঠিছে টীম ইণ্ডিয়াত কোহলিৰ স্থান পূৰণ কৰিব কোনে। ভাৰতীয় দলৰ আটাইতকৈ নিৰ্ভৰযোগ্য খেলুৱৈজন হৈছে বিৰাট কোহলি।

কোহলিৰ অনুপস্থিতিত দলত সোমাব কোন?
চৰ্চাত ৰজত পাটিদাৰ, ছৰফৰাজ খান, শ্বেতেশ্বৰ পূজাৰা, ৰিংকু সিং
ভাৰতীয় A দলৰ হৈ খেলি দুৰ্দান্ত প্ৰদৰ্শন পাটিদাৰৰ
একাদিক্ৰমে দুখন টেষ্টত কৰিছে দুৰন্ত শতক
অন্যতম দাবীদাৰ হৈছে ছৰফৰাজ খানো
ভাৰতীয় A দলৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ছৰফৰাজ খানে
ৰঞ্জীত ভাল খেলাৰ সুবাদত টীম ইণ্ডিয়াত স্থান পাব পাৰে শ্বেতেশ্বৰ পূজাৰায়ো
ৰঞ্জীত ২৪২ ৰানৰ অনবদ্য ইনিংছ পূজাৰাৰ
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০ হাজাৰ ৰান পূৰ্ণ কৰিলে পূজাৰাই

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত কোহলিৰ অনুপস্থিতিয়ে কি প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...