অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল আলফা

বিগত ২৯ ডিচেম্বৰত নতুন দিল্লীত স্বাক্ষৰিত হোৱা আলফা-চৰকাৰৰ শান্তি চুক্তিৰ ৯.১ নং দফা অনুসৰিয়েই আজি মঙলদৈৰ চমুৱাপাৰা কেম্পত আনুষ্ঠানিকভাবে ভংগ কৰি দিয়া হ’ল আলফা। ১৯৭৯ চনৰ ৭ এপ্ৰিলত জন্মলগ্নৰে পৰা বিগত ৪৫ টা বছৰে বিভিন্ন উত্থান পতনৰ সাক্ষী এই সংগঠন ভংগৰ সময়ত আবেগিক হৈ পৰিল আলফাৰ প্ৰতিগৰাকী সদস্য। ভাষণৰ সময়তে উচুপি উঠিল আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়া। হুকহুকাই কান্দি উঠিল আলফাৰ মহিলা সদস্য। পৰৱৰ্তী সময়ত এখন ৭ জনীয়া কমিটিয়ে নিৰীক্ষণ কৰিব চুক্তিৰ বিভিন্ন দফা কাৰ্যকৰীৰ বিষয়। অৱশ্যে সংগঠনৰ সকলোকে একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যে ‘জাতীয় বিকাশ পৰিষদ’ নামে এটা অৰাজনৈতিক সংগঠনৰ জন্মৰ কথাও ঘোষণা কৰে অনুপ চেতিয়াই।

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল আলফা
২৩ জানুৱাৰী, বিয়লি ২.৩৫ বজাত ভংগ ঘোষণা
ভাষণ আৰম্ভ কৰিয়েই উচুপি উঠিল অনুপ চেতিয়া
হুকহুকাই কান্দি উঠিল আলফাৰ মহিলা সদস্য
বিশেষ কমিটিয়ে নিৰীক্ষণ কৰিব চুক্তিৰ কাৰ্যকৰীকৰণ
আলফা ভংগ হৈ জন্ম ‘জাতীয় বিকাশ পৰিষদ’ৰ

৭ এপ্ৰিল, ১৯৭৯, শিৱসাগৰ
ৰংঘৰৰ বাকৰিত জন্ম আলফাৰ

২৩ জানুৱাৰী, ২০২৪, মঙলদৈ
বিয়লি ২.৩৫ বজাত ভংগ আলফা

প্ৰায় ৪৫ বছৰৰ সশস্ত্ৰ আৰু গণতান্ত্ৰিক সংগ্ৰাম আৰু বহু উত্থান পতন। স্বাধীন অসমৰ সপোন খেদি প্ৰাণ আহুতি দিয়া প্ৰায় দুই সহস্ৰাধিক ডেকা-গাভৰুৰ বলিদান। স্বাধীন অসমৰ বাবেই নিজৰ জীৱন-যৌৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি দেশ আৰু দহৰ হকে ত্যাগ কৰি দিব মঞ্চখনৰ নামেই আছিল সংযুক্ত মুক্তি বাহিনী, অসম। প্ৰায় ৪৫ বছৰীয়া এক অবিৰত যাত্ৰাৰ পিছত মঙলবাৰে আলফা ভংগৰ এই সময়খিনি স্বাভাবিকতেই আছিল আবেগ বিহ্বল। হুকহুকাই কান্দি উঠিল আলফাৰ প্ৰবীণ মহিলা কেডাৰ। ভাষণ আৰম্ভ কৰিয়েই উচুপি উঠিল আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়া।

বিগত ২০২৩ বৰ্ষৰ ২৯ ডিচেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা আলফাৰ আনুষ্ঠানিক চুক্তিৰ ৯.১ নম্বৰ দফা অনুসৰিয়েই মঙলবাৰে দৰঙৰ চমুৱাপাৰাত থকা আলফাৰ ডেজিগনেটেড শিবিৰৰ এখন বিশাল সভাত ভংগ কৰি দিয়া হয় সংযুক্ত মুক্তি বাহিনী, অসম নামৰ সংগঠনটো। কেন্দ্ৰীয় কমিটিৰ শীৰ্ষ নেতা অৰবিন্দ ৰাজখোৱা, প্ৰদীপ গগৈ, চিত্ৰবন হাজৰিকা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, প্ৰণতি ডেকা, মিথিংগা দৈমাৰীকে আদি কৰি সংগঠনৰ প্ৰায় সংখ্যক নেতা-সদস্যই উপস্থিত থাকিল এই সভাত। আলফা ভংগৰ এই সভাতে শেহতীয়া আলফা-চৰকাৰৰ চুক্তিক ঐতিহাসিক আখ্যা দিলে ৰাজু বৰুৱাই। আবেগবিহ্বল হৈ আলফা নেতা মৃণাল হাজৰিকাই ক’লে- অসমৰ পৰা আলফাৰ ইতিহাস কোনেও মচিব নোৱাৰে, আলফা থাকি যাব।

আলফা ভংগ কৰি সদস্য সকলক একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যে জাতীয় বিকাশ পৰিষদ নামে এটা অৰাজনৈতিক সংগঠনৰ জন্মৰ কথাও আনুষ্ঠানিকভাবে ঘোষণা কৰিলে অনুপ চেতিয়াই। চেতিয়াই ক’লে আলফা ভংগ হ’লেও চুক্তিক কাৰ্যকৰীকৰণৰ দিশবোৰ চোৱাচিতা কৰিব আলফাৰেই এখন ৭ জনীয়া নৱগঠিত কমিটিয়ে।

পৰেশ বৰুৱা আৰু আলফা স্বাধীন প্ৰসংগতো প্ৰতিক্ৰিয়া আলফাৰ শীৰ্ষ নেতৃত্বৰ। আলফা স্বাধীনত সদস্যভৰ্তি অভিযান ৰোধ সম্ভৱ নহয়। পৰেশ বৰুৱাও আলোচনালৈ আহিব বুলি আশাবাদী সকলো। কেন্দ্ৰীয় চৰকাৰৰ পৰা আলফাই যি আদায় কৰিব নোৱাৰিলে সেয়া আদায় কৰিবলৈ সক্ষম হওক পৰেশ বৰুৱা।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...