অৱশেষত গ্ৰেপ্তাৰ হ’ল সংসদৰ ভিতৰত আক্ৰমণৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী

অৱশেষত গ্ৰেপ্তাৰ হ’ল সংসদৰ ভিতৰত আক্ৰমণৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী ললিত ঝা। বৃহস্পতিবাৰে নিশা দিল্লীৰ কৰ্তব্য পথ থানাত আত্মসমৰ্পণ কৰাৰ পিছতে অভিযুক্ত ললিত ঝাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াকে ধৰি সংসদৰ ভিতৰত প্ৰতিবাদৰ নামত আতংকৰ সৃষ্টি কৰা ৬জন লোকৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তসকলক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিগত প্ৰায় ডেৰ বছৰ ধৰি ইয়াৰ বাবে পৰিকল্পনা কৰিছিল অভিযুক্তসকলে। ধৃত আটাইকেইজনে ভগত সিং ফেন ক্লাব নামৰ এটা ফেচবুক পেজৰ সদস্য।
সংসদত আতংকৰ সৃষ্টি কৰা ষষ্ঠজন অভিযুক্তক গ্ৰেপ্তাৰ
গভীৰ নিশা দিল্লীৰ আৰক্ষী থানাত আত্মসমৰ্পণ ললিত ঝাৰ
ললিতেই আছিল এই ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী
ইতিমধ্যে দলটোৰ আন ৫জন সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল সংসদ ভৱন। যোৱা বুধবাৰে দৰ্শনাৰ্থীৰ প্ৰৱেশ পত্ৰৰ জৰিয়তে সংসদৰ ভিতৰত প্ৰৱেশ কৰি প্ৰতিবাদৰ নামত হালধীয়া ধোৱা নিক্ষেপ কৰি আতংকৰ সৃষ্টি কৰিছিল দুজন যুৱকে। একেসময়তে সংসদৰ বাহিৰতো এগৰাকী যুৱতী আৰু এজন যুৱকে প্ৰতিবাদৰ নামত ধোঁৱা নিক্ষেপ কৰি আতংকৰ সৃষ্টি কৰাৰ পিছতে সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ভৱ হৈছিল। ইতিমধ্যে এই ঘটনাত অভিযুক্ত ৫জন যুৱকক আৰক্ষীয়ে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰে যদিও যোৱা দুদিন ধৰি পলাতক হৈ আছিল এই ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী ললিত ঝা। অৱশেষত বৃহস্পতিবাৰে নিশা দিল্লীৰ কৰ্তব্য পথ আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ষষ্ঠজন অভিযুক্ত তথা মূল ষড়যন্ত্ৰকাৰী ললিত ঝাক। গ্ৰেপ্তাৰৰ পিছতে শুকুৰবাৰে পাতিয়ালা আদালতত হাজিৰ কৰোৱা হয় ললিত ঝাক। আদালতে অভিযুক্ত ললিতক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰপূৰ্বে আন ৫জন অভিযুক্তকো ৭দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতে ললিত ঝাক জেৰা কৰি এই ঘটনা সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য লাভ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে দাবী কৰা মতে-

বিগত ডেৰ বছৰ ধৰি আক্ৰমণৰ পৰিকল্পনা কৰিছিল ললিতে
প্ৰমাণ নাইকীয়া কৰিবলৈ পুৰি পেলাইছিল সহযোগীৰ মোবাইল
গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰিছিল ৰাজস্থানত
ৰাজস্থানৰ হোটেলত ললিতে দুদিন কটাইছিল বন্ধুৰ সহযোগত

সংসদৰ ঘটনাক লৈ দিল্লী আৰক্ষীয়ে অভিযুক্তসকলক বিচাৰি থকাৰ তথ্য পোৱাৰ পিছতে শংকিত হৈ পৰে ললিত ঝা। আন উপায় নেদেখি নিশাই ৰাজস্থানৰ পৰা দিল্লীত উপস্থিত হৈ আত্মসমৰ্পণ কৰি অভিযুক্ত ললিতে। উল্লেখ্য যে বুধবাৰে অধিৱেশন চলি থকাৰ সময়তে দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই অধ্যক্ষৰ ওচৰলৈ হালধীয়া ধোঁৱা উৰুৱাই আগবাঢ়ি গৈছিল সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডিয়ে। বাহিৰত একেদৰে কেনিষ্টাৰৰ পৰা ধোঁৱা নিক্ষেপ কৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছিল নীলম আজাদ আৰু অমল সিন্দে নামৰ আন দুজনে। অভিযুক্ত চাৰিজনৰ লগতে ভিকি শৰ্মা নামৰ আন এজনকো আৰক্ষীয়ে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰে যদিও পলাতক হৈ আছিল মূল ষড়যন্ত্ৰকাৰী ললিত ঝা। বৃহস্পতিবাৰে নিশা আত্মসমৰ্পণৰ পিছত ললিতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াকে ধৰি সংসদ ভৱনত সন্ত্ৰাসৰ সৃষ্টি কৰা ছয় অভিযুক্তৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ডেৰ বছৰ পূৰ্বে মহীশূৰত সাক্ষাৎ হৈছিল আটাইকেইজন অভিযুক্তৰ। তেতিয়াৰ পৰাই সংসদৰ ভিতৰত এনেদৰে আতংক সৃষ্টিৰ পৰিকল্পনা কৰিছিল তেওঁলোকে। ইয়াৰ বাবে আটাইকেইজনে যোগাযোগ ৰক্ষা কৰিছিল ছ’চিয়েল মিডিয়াযোগে। ধৃত আইটাইকেইজনে আছিল ভগত সিং ফেন ক্লাব নামৰ এটা ফেচবুক পেজৰ সদস্য। আৰক্ষীৰ আগত তেওঁলোকে স্বীকাৰ কৰা মতে-

১০ ডিচেম্বৰত দিল্লীত উপস্থিত হৈছিল তেওঁলোক
ইণ্ডিয়া গেটৰ ওচৰত লগ হৈছিল আটাইকেইজন
তাতেই ‘স্মক বোম্ব’ বিতৰণ কৰা হৈছিল তেওঁলোকৰ মাজত

ইয়াৰ পিছতে ১৩ ডিচেম্বৰত সংসদ ভৱনত প্ৰৱেশ কৰিছিল সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডিয়ে। বাহিৰতো চৰকাৰ বিৰোধী প্ৰতিবাদেৰে আতংকৰ সৃষ্টি কৰিছিল নীলম আৰু অমলে। এই ঘটনাৰ আঁৰত কোন জড়িত আছে বা তেওঁলোক কোনো সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হয় নে নহয় সেই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অসমীয়া বোলছবি জগতলৈ সুখবৰঃ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰশংসিত “মিনি” জিঅ’ চিনেমাত…

ঢেকীয়াখোৱা বৰনামঘৰত শুভ মূহুৰতৰে আৰম্ভ কৰা, বিশিষ্ট অভিনেতা তথা...

বংগোপসাগৰত শক্তি বাঢ়িছে ঘূৰ্ণিবতাহ ফেংগলৰ

বংগোপসাগৰত ফেংগল নামৰ ঘূৰ্ণিবতাহৰ শক্তি বৃদ্ধি পাইছে। বিগত ছয়...

জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই

জনপ্ৰিয় সাংবাদিক, নিবন্ধকাৰ আৰু ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ বৃহস্পতিবাৰে...

ৰাতিপুৱা ভুলতো নকৰিব এইকেইটা কাম; হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি

ৰাতিপুৱা সাৰ পোৱাৰ পিছত আমি শৰীৰৰ যত্ন লোৱাটো অত্যন্ত...