জম্মু-কাশ্মীৰত বলৱৎ হ’ব ভাৰতীয় সংবিধান

জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানেই বলৱৎ হ’ব। ২০১৯ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে জন্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ দল সংগঠন। সেই গোচৰৰ দীঘলীয়া শুনানীৰ অন্তত চূড়ান্ত ৰায় প্ৰদান কৰে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় ৩৭০ অনুচ্ছেদ এক অন্তৱৰ্তীকালীন ব্যৱস্থা আছিল। কেন্দ্ৰৰ সকলো সিদ্ধান্ত প্ৰত্যাহ্বানযোগ্য নহয় বুলি মন্তব্য মুখ্য ন্যায়াধীশৰ। জন্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়াৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়াৰ লগতে ২০২৪ৰ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও নিৰ্বাচন আয়োগলৈ নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ।

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ বাতিলৰ সিদ্ধান্ত ভুল নাছিল।
দীঘলীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়।
জম্মু-কাশ্মীৰত বলৱৎ হ’ব ভাৰতীয় সংবিধান।
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ প্ৰত্যাহাৰৰ বৈধতাক লৈ বিচাৰাধীন হৈ থকা গোচৰ সন্দৰ্ভত প্ৰদান কৰিছে এই ঐতিহাসিক ৰায়। কেন্দ্ৰৰ সিদ্ধান্ত বাহাল ৰাখি জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। এই ৰায়ৰ জৰিয়তে কাশ্মীৰৰ বাবে সুকীয়া সংবিধান, সুকীয়া পতাকা আৰু বিশেষ স্বায়ত্ব শাসনৰ ব্যৱস্থা সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে উচ্চতম ন্যায়ালয়ে।

সংক্ষেপেঃ
২০১৯ বৰ্ষত ৩৭০ অনুচ্ছেদ অনুসৰি থকা জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰে কেন্দ্ৰই। জম্মু-কাশ্মীৰক দুই কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে ভাগ কৰা হয়। তাৰ পাছতে চৰকাৰৰ এই পদক্ষেপৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় একাংশ ব্যক্তি আৰু দল সংগঠন। দীঘলীয়া শুনানিৰ অন্তত সোমবাৰে সেই বিষয়কে লৈ ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ মতে ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন অসাংবিধানিক নহয়। ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত বৈধ। কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি শীঘ্ৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

ন্যায়াধীশ খান্নাৰ মন্তব্যঃ
৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ অন্যতম সদস্য ন্যায়াধীশ খান্নাই ক’লে- কাশ্মীৰত ৩৭০ অনুচ্ছেদ অপ্ৰতিসম ফেডাৰেলিজমৰ উদাহৰণ আছিল। সেয়া কেতিয়াও জম্মু-কাশ্মীৰৰ সাৰ্বভৌমত্বৰ চিনাকী হ’ব নোৱাৰে। এই অনুচ্ছেদ বাতিলে কাশ্মীৰৰ ফেডাৰেলিজম বা সংঘবাদ অক্ষুন্ন ৰাখিছে।

বিচাৰপতি কলৰ মন্তব্যঃ
৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ অন্যতম সদস্য বিচাৰপতি সঞ্জয় কে কলৰ মন্তব্য- শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াটোহে সেনাৰ কাম, ৰাজ্যৰ আইন-শৃংখলা ৰক্ষা কৰা নহয়। কাশ্মীৰত সেনাৰ প্ৰৱেশৰ পিছত ইয়াৰ কঠিন মূল্য দিবলগীয়া হৈছে স্থানীয় লোকে।

লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলঃ
সোমবাৰৰ এই ৰায়ৰ পিছত জম্মু-কাশ্মীৰে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পাব। কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপেই থাকি যাব লাডাখ।

কাশ্মীৰক ৰাজ্যৰ মৰ্যাদাঃ
জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। অৰ্থাৎ এতিয়াৰে পৰা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে নাথাকিব জম্মু-কাশ্মীৰ। ৰাজ্যৰ মৰ্যাদা দি ২০২৪ৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। দেশৰ নিৰ্বাচন আয়েগক এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

বিচাৰপতি সকলৰ যুক্তিঃ
২০১৯ত ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত কৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰে। ছুপ্ৰীম ক’ৰ্টে ক’লে ৩৭০ অনুচ্ছেদৰ জৰিয়তে জম্মু-কাশ্মীৰক যি বিশেষ অধিকাৰ দিয়া হৈছিল সেয়া সাময়িক আছিল। কাশ্মীৰৰ গণপৰিষদ বাতিল হৈ যোৱাৰ পিছত এই অনুচ্ছেদ বাতিলৰ কতৃত্ব আছিল কেৱল ৰাষ্ট্ৰপতিৰ। ফলস্বৰূপে যি হ’ল, সেয়া অসাংবিধানিক নহয়।

ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত বৈধঃ
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ক’লে- জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ যিহেতু অস্থায়ী আছিল, তাক ৰাষ্ট্ৰপতিয়ে বাতিল কৰাৰ অধিকাৰ সম্পূৰ্ণ বৈধ আছিল । জম্মু-কাশ্মীৰৰ শাসনাধিষ্ঠিত চৰকাৰৰ পতনৰ পিছতো ৰাষ্ট্ৰপতিয়ে সেয়া কৰিব পাৰে।

অনুচ্ছেদ-৩৭০ এক অস্থায়ী ব্যৱস্থাঃ
সংবিধীনৰ অনুচ্ছেদ-৩৭০ এক অস্থায়ী আৰু অন্তৰ্ৱৰ্তীকালীন ব্যৱস্থাহে। ৰায় প্ৰদানৰ সময়ত ইমানেই মন্তব্য কৰিলে সৰ্বোচ্চ আদালতৰ সাংবিধানিক বিচাৰপীঠে। আদালতে কয়, ভাৰতৰ সৈতে সংযুক্ত হোৱাৰ পিছত জম্মু-কাশ্মীৰৰ কোনো আভ্যন্তৰীণ সাৰ্বভৌমত্ব নাথাকে।

এই ঐতিহাসিক ৰায়ৰ পূৰ্বে সোমবাৰে পুৱাই নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই সামাজিক মাধ্যমযোগে তুলিলে অভিযোগ। তেওঁৰ বাসভৱনৰ গেটত তলা ওলমাই দিয়া হৈছে। সামাজিক মাধ্যমত তেনে ফটোও আপলোড কৰিলে ওমৰ আব্দুল্লাই।

জম্মু-কাশ্মীৰৰ আইন-শৃংখলা জনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ PDP সভাপতি মেহবুবা মুফতিকো বেআইনীভাবে গৃহবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপিত হ’ল।

কিন্তু জম্মু-কাশ্মীৰৰ ৰাজ্যপালে পোনছাটেই অস্বীকাৰ কৰিলে এই অভিযোগ। সোমবাৰে গোচৰৰ ৰায়দানত বহু কেইটা দিশ উল্লেখ ৫ জনীয়া বিচাৰপীঠৰ। কেন্দ্ৰৰ সকলো সিদ্ধান্ত প্ৰত্যাহ্বানযোগ্য নহয় বুলিও মন্তব্য মুখ্য ন্যায়াধীশৰ। ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰই সিদ্ধান্ত ল’ব পাৰে। ৰায়দানত সাংবিধানিক শক্তিৰ সঠিক প্ৰয়োগ হ’ব লাগে বুলিও মন্তব্য দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিল্পা শেট্টীৰ বাসগৃহত ED অভিযান

পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ...

গুৱাহাটীত ট্ৰাকে প্ৰাণ কাঢ়িলে সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ

ট্ৰাকে প্ৰাণ কাঢ়িলে গুৱাহাটীৰ সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ। আজাৰা থানাৰ...

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত...

মাহীমাকৰ সৈতে মিলি পিতৃয়ে হত্যা কৰিলে ৯মহীয়া সন্তানক!

মুকালমুৱাৰ ঘৰুৱাবাহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৃশংসভাৱে হত্যা...