ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গুপ্তধনৰ পাহাৰ

টকা গণি গণি ভাগৰিছে অৰ্ধশতাধিক কৰ্মচাৰী
অহৰহ চলি আছে ২৫ টকা গণা মেচিন
৩৫৩ কোটি টকা গণনা শেষ হৈছে

কংগ্ৰেছৰ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ওড়িশাৰ গুপ্তধনৰ পাহাৰত আয়কৰ বিভাগৰ হাত লগাৰ পৰাই তোলপাৰ লাগি আছে দেশ। অভিযানৰ পঞ্চম দিনাও চলি থাকিল টকা গণনা।

অহৰহ চলি আছে ২৫টা গণা মেচিন। ১৫টা মেচিন অতিৰিক্তভাৱে সাজু কৰি ৰখা হয়। পাঁচটা দিনে ধীৰাজ চাহুৰ গোপন ভাণ্ডাৰৰ টকা গণিলে তিনিটা বেংকৰ কৰ্মচাৰীয়ে। ১৭৬ বেগ টকাৰ গণনা কৰিবলৈ আহি বেংক কৰ্মচাৰীসকলো হতভম্ভ হৈ পৰিল। বেংকতো কোনো কালে এনে টকাৰ দম দেখা নাছিল তেওঁলোকে।

জব্দ হোৱা জমা কৰা হ’ব স্থানীয় SBIৰ শাখাত

সাংসদ তথা সুৰা প্ৰস্তুতকাৰী এটা প্ৰতিষ্ঠান মালিক কংগ্ৰেছ নেতা ধীৰাজ চাহুৰ এই পাহাৰসম ধনৰ উৎসক লৈ গৰম হৈছে দেশৰ ৰাজনীতি। বিজেপিয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে। কিন্তু কংগ্ৰেছে এই ধনৰ সৈতে দল কোনো কাৰণতে জৰিত নহয় আৰু ইয়াৰ উত্তৰ ধীৰাজ চাহুয়ে দিব পাৰিব বুলি মন্তব্য কৰে।

আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও ইতিমধ্যে জব্দ হোৱা টকাৰ গণনা শেষ হৈছে। কিন্তু অভিযান অব্যাহত ৰাখিছে আইকৰ বিভাগে। সন্দেহ কৰা হৈছে ২০০০ টকীয়া বন্ধ কৰি দিয়াৰ সময়তহে এই বৃহৎ পৰিমাণৰ ধন মজুত কৰা হৈছে। কাৰণ জব্দ হোৱা ধনৰ মাজত কেৱল ৫০০, ২০০, ১০০ টকীয়া নোটহে পোৱা গৈছে। সাংসদ ধীৰাজ চাহুৰ এই ধনক লৈ ইডি, চিবিআইয়ে ও তদন্ত চলাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...