নতুন বছৰক আদৰিবলৈ পাৰ্টিৰ প্লেন কৰিছে নেকি? তেন্তে সাৱধান হওঁক!

নতুন বছৰক আদৰিবলৈ পাৰ্টিৰ প্লেন কৰিছে নেকি?

যদি কৰিছে, তেন্তে সাৱধান হওঁক!
পাৰ্টিত সুৰাপান কৰি গাড়ী নচলাব।
১৫ ডিচেম্বৰৰ পৰা আৰক্ষীৰ ‘স্পেচিয়েল ড্ৰাইভ’

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শনিবাৰে নলবাৰীত এই ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ। অসমত ডিচেম্বৰ-জানুৱাৰী মাহত পথ দুৰ্ঘটনাৰ হাৰ সৰ্বাধিক। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰৰ নিশা ১০ বজাৰ পৰা ১ জানুৱাৰীৰ পুৱতি নিশালৈ ৰাজপথত থাকি পথ সুৰক্ষাৰ বিষয়টো নিজেই তদাৰক কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মুকলি আহ্বান আছিল- পাৰ্টি কৰক, কিন্তু সুৰাপান কৰি গাড়ী নচলাব। মুখ্যমন্ত্ৰীৰ সেই আহ্বান এইবেলিও কাৰ্যকৰী কৰাৰ অংগীকাৰ DGP জি পি সিঙৰ।

শনিবাৰে নলবাৰীত উপস্থিত হৈ এই ঘোষণা DGPৰ। আৰক্ষীৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে নলবাৰীত উপস্থিত হৈছিল জি পি সিং। নামনি অসমৰ কেইবাগৰাকীও জ্যোষ্ঠ আৰক্ষী বিষয়াৰে বৈঠকত অংশ গ্ৰহণ কৰি DGPয়ে ক’লে- ৰাজ্যৰ ৩৩৪খন থানাৰ প্ৰতিখনেই পৰিদৰ্শন কৰা হ’ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰতিখন আৰক্ষী চকীয়েই থানালৈ উন্নীত কৰা হ’ব।

এতিয়াও ২ নম্বৰী টকাৰ মোহ এৰিব নোৱাৰা আৰক্ষীলৈও সকিয়নী DGPৰ। দু্ৰ্নীতিৰ অভিযোগ সঁচা হ’লেই বৰ্খাস্ত কৰা হ’ব। ‘দুৰ্নীতি-কেলেংকাৰিৰ বিৰুদ্ধে খবৰ পোৱা মাত্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব’। সাংবাদিকক আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ক’লে- কেৱল আৰক্ষীয়ে নহয় আন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধেও খবৰ আহিলেই ব্যৱস্থা লোৱা হৈছে’। চলিত বৰ্ষত ৫০তকৈও অধিক আৰক্ষী বৰ্খাস্ত হৈছে। ইয়াৰে ১৫-২০ জনেই দুৰ্নীতিৰ গোচৰত অভিযুক্ত।

DGPৰ মুকলি ঘোষণা- চৰকাৰ শূণ্য সহণশীল। কাকো বচাবলৈও নাই, কাকো ফচাবলৈও নাই। গুৱাহাটীৰ শেহতীয়া হাৱালা কেলেংকাৰিৰ গোচৰ সন্দৰ্ভতো সকলো অভিযুক্তকে গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...