ভাৰতীয় দবাত ইতিহাস, ভাতৃৰ পাছত গ্রেণ্ডমাষ্টাৰ হ’ল জ্যেষ্ঠ ভগ্নী

ভাৰতীয় দবাত ইতিহাস
ভাতৃৰ পাছত গ্রেণ্ডমাষ্টাৰ হ’ল জ্যেষ্ঠ ভগ্নী
গ্রেণ্ডমাষ্টাৰ উপাধি লাভ কৰিলে বৈশালী ৰমেশবাবুৱে
বৈশালী গ্রেণ্ডমাষ্টাৰ উপাধি লাভ কৰা ৩য়গৰাকী ভাৰতীয় মহিলা
বৈশালীৰ ভাতৃ ৰমেশবাবু প্রজ্ঞানন্দ পূৰ্বে হৈছে গ্রেণ্ডমাষ্টাৰ
বিশ্বৰ দবা ইতিহাসৰ প্রথম গ্রেণ্ডমাষ্টাৰ ভাতৃ-ভগ্নী ৰমেশ-বৈশালী

দবাৰ গ্রেণ্ডমাষ্টাৰ স্বীকৃতি পাবলৈ প্ৰয়োজন হয় য়েলো ৰেটিঙৰ ২৫০০ পইণ্ট স্পৰ্শ কৰাৰ। বিশ্ব দবা পৰিচালনা কৰা সংগঠন হৈছে ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন যাক জনা যায় FIDE বুলি। শুকুৰবাৰৰ স্পেইনত অনুষ্ঠিত এখন খেলত FIDEৰ য়েলো ৰেটিং লাভ কৰাৰ লগে লগে গ্রেণ্ডমাষ্টাৰ ৰূপে গণ্য হয় বৈশালী ৰমেশবাবু। বৈশালীয়ে GM হিচাপে গণ্য হোৱাৰ পূৰ্বে GMৰ অৰ্হতা অৰ্জন কৰিছিল ২০১৯ চনতে। ২০১৫ চনৰ পৰা আন্তৰ্জাতিক দবাত অংশ লৈ আহিছে বৈশালীয়ে। দবাত গ্রেণ্ডমাষ্টাৰ হিচাপে স্বীকৃত হৈ অতি উৎফুল্লিত বৈশালী।

মহিলা গ্রেণ্ডমাষ্টাৰ বুলি আছে এটা সুকীয়া উপাধি
য়েলো ৰেটিঙত ২৩০০ পইণ্ট পালে স্বীকৃত হয় মহিলা গ্রেণ্ডমাষ্টাৰ বুলি
ভাৰতত দবাত আছে মুঠ ৮৩গৰাকী গ্রেণ্ডমাষ্টাৰ
মহিলা গ্ৰেণ্ডমাষ্টাৰ বুলি স্বীকৃতি পোৱা দবা খেলুৱৈ হৈছে ২৩ গৰাকী
বৈশালীক লৈ মূল গ্ৰেণ্ডমাষ্টাৰৰ স্বীকৃতি লাভ কৰা মহিলা হ’লগৈ ৩ গৰাকী

দুয়োগৰাকী ভাতৃ-ভগ্নী দবাৰ প্ৰশিক্ষণ লৈ আছে গ্ৰেণ্ডমাষ্টাৰ ৰমেশ আৰবিৰ চেন্নাইত থকা একাডেমীত। ইতিমধ্যে দবা খেলুৱৈ ৰূপে আন্তৰ্জাতিক ক্ষেত্ৰত সুখ্যাতি আৰ্জিছে বৈশালীৰ কনিষ্ঠ প্ৰজ্ঞানন্দে। বিশ্ব দবাৰ শীৰ্ষস্থান খেলুৱৈ মেগনাছ কাৰ্লছনৰ দৰে খেলুৱৈক পৰাভূত কৰি উঠিছে প্ৰজ্ঞানন্দে। এতিয়া প্ৰজ্ঞানন্দৰ বায়েক বৈশালী হ’লগৈ গ্ৰেণ্ডমাষ্টাৰ। ভাৰতত কনেৰু হাম্পি আৰু হাৰিকা দ্ৰুনাভিল্লীৰ পিছত বৈশালী হৈছে ভাৰতৰ তৃতীয়গৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...