এদল শিক্ষাৰ্থীয়ে আগুৰি ধৰিছে এজন শিক্ষকক

এদল শিক্ষাৰ্থীয়ে আগুৰি ধৰিছে এজন শিক্ষকক
কোনোৱে কৈছে কাইলৈ যেনে-তেনে এপাক আহিবই
এটিৰ পিছত আন এটি শিশুৱে চুমা যাঁচিছে ছাৰক

কিন্তু কিয় এনে হৈছে? চাবুৱাৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ এইজন প্ৰধান শিক্ষক প্ৰবীণ কোঁৱৰ।

আজি হেড ছাৰৰ বিদায় বেলা!

বিদায় অনুষ্ঠানত ছাৰৰ ডিঙিত গামোচাৰে উপচাই দিলে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ অফুৰন্ত মৰম আৰু চুমাৰে উপচাই বিদায় দিলে শ্ৰদ্ধাৰ শিক্ষকজনক। এগৰাকী শিক্ষকৰ ত্যাগ আৰু আজীৱন মম হৈ জ্বলাৰ সঁচা প্ৰতিদান দেখিলে চাবুৱাৰ শিক্ষক প্ৰবীণ কোঁৱৰে। কোনে কয় কৃত কৰ্মৰ ফল আন জনমত পাই বুলি! ইহ জীৱনকালতে তেওঁ অৰ্জন কৰিলে প্ৰাপ্তিৰ অমিয়া সুধা। কণ কণ শিক্ষাৰ্থীসকলে কৈ গল ছাৰ কালিলৈ যেনে তেনে এপাক আহিব দেই।

বিদ্যালয়খনত অনুষ্ঠিত হৈছিল প্ৰধান শিক্ষক প্ৰবীন কোঁৱৰ আৰু ২০১৩ চনতে অৱসৰ গ্ৰহণ কৰা‌ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নগেন চন্দ্ৰ গগৈৰো বিদায় সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানতে প্ৰিয় শিক্ষকক ফুল-গামোচা, শৰাইৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলে একোখন গামোচা পিন্ধালে এইদৰে। অভিভূত হৈ পৰিল কণমানিহঁণতৰ আপোন হেড ছাৰ।

জীৱনৰ অৰ্ধেক কাল শিক্ষকতা কৰা বিদ্যলয়খনৰ চৌহদত আঠু কাঢ়ি সেৱা ললে হেড ছাৰে। এই বিদ্যালয়খনেই যে হেড ছাৰৰ জীৱনৰ এক পাহৰিব নোৱাৰা সুঁতি। এই বিদ্যালয়খনেই যে তেওঁৰ বাবে মন্দিৰ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও সেৱা যাঁচিলে ছাৰক। ঠোকা-থোকি মাতেৰে ছাৰে কলে যাওঁগৈ। বিদায় পৰত শ্ৰদ্ধাৰ শিক্ষক গৰাকীক হাতত ধৰি আগবঢ়াই দিলে ছাত্ৰ-ছাত্ৰীয়ে। এই নিদৰ্শন প্ৰতিজন আজিৰ লৰা-ছোৱালীৰ পাথেয় হওক। জীৱনক গতি লগাই পোনাই-সজাই দিয়া শিক্ষকজনে এই মৰমকণৰ বাহিৰেনো আৰু বিচাৰেইবা কি!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...